23.1 C
Guwahati
Sunday, May 12, 2024

মহানগৰীত স্থাপন হ’ব প্ৰায় ১ লাখ CCTV কেমেৰা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

দিনে দিনে বৃদ্ধি পাইছে মহানগৰীত অপৰাধ জনিত ঘটনা আৰু ইয়াক ৰুধিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্য়ৰ চৰকাৰ-প্ৰশাসন। খবৰ মতে শীঘ্ৰেই গুৱাহাটীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য় ৰাখি বিধানসভাত এখন আইন গৃহীত কৰা হ’ব।

অৱশ্য়ে এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৫ জনকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানে স্থাপন কৰিব লাগিব CCTV কেমেৰা। ৰাজপথৰ ফালে মুখ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে নিজা খৰছত CCTV কেমেৰা স্থাপন কৰিব লাগিব।

জানিব পৰা মতে, চৰকাৰী বিভাগীয় কাৰ্যালয় সমূহতো স্থাপন কৰিব লাগিব CCTV। আৰু প্ৰতিটো কেমেৰাত  ৩ মাহৰ memory storage ক্ষমতা থাকিব লাগিব আৰু প্ৰতিষ্ঠানসমূহে যিবোৰ CCTV কেমেৰা স্থাপন কৰিব সেইবোৰ চৰকাৰৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে হায়দৰাবাদৰ উদাহৰণ দাঙি ধৰি কয় যে হায়দৰাবাদত চৰকাৰে ৪ হাজাৰ কেমেৰা লগাইছে, কিন্তু জনতাই সহযোগিতা আগবঢ়াই নিজৰ খৰছত লগাইছে।

অৱশ্য়ে ২০২৩ ৰ ডিচেম্বৰ পৰ্যন্ত মহানগৰীত প্ৰায় ১ লাখ CCTV কেমেৰা স্থাপন কৰা হব বুলি আজি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -