35 C
Guwahati
Monday, May 13, 2024

কুকুৰৰ শোৱনি কোঠাত পৰিণত নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ জৰুৰী চিকিৎসা কক্ষ; ফটো ভাইৰেল

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

নিশা হ’লেই কুকুৰ-মেকুৰীৰ আশ্ৰয় স্থল হৈ পৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়। চিকিৎসকৰ টেবুল হৈ পৰে কুকুৰ-মেকুৰীৰ বিচনা। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা চিকিৎসালয়ৰ ভিতৰ ভাগৰ এখন আলোক চিত্ৰই পোহৰলৈ আনিছে এই কথা।

জানিব পৰা মতে ২৬ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত চিকিৎসালয়খনৰ এগৰাকী ৰোগীৰ আত্মীয়ই এই দৃশ্য দেখি ফটোখন তুলিছিল। এই ফটোখনত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ জৰুৰী চিকিৎসা বিভাগৰ বুলি জানিব পৰা গৈছে। তাত চিকিৎসকৰ টেবুল আৰু ৰোগীৰ বিচনাত এইদৰে কুকুৰ আৰু মেকুৰী শুই থকা পৰিলক্ষিত হৈছে।

এই ফটোখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে নলবাৰী জিলাৰ উপৰিও বিভিন্ন স্থানৰ ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনা সন্দৰ্ভত চিকিৎসালয় খনৰ অধীক্ষক ডাঃ বলেন ডেকাৰ সৈতে হোৱা টেলিফোনিক যোগাযোগত তেওঁ কয়, “২৬ অক্টোবৰৰ নিশা ১.৩৭ বজাৰ পৰা পুৱা ৫.৩৫ বজালৈ কোনো ৰোগী অহা নাছিল। সেইখিনি সময়তে এই ঘটনাটো ঘটিছে। আমি জৰুৰী চিকিৎসা বিভাগৰ কোঠাটোৰ আটাইকেইখন দুৱাৰ খোলা ৰাখো, যাতে জৰুৰীকালীন ৰোগীয়ে যিকোনো ফালেৰে কোঠাটোত প্ৰৱেশ কৰিব পাৰে। চিকিৎসালয় চৌহদত যিহেতু বহুত কুকুৰ আছে গতিকে কোনোবা সময়ত কোঠাৰ ভিতৰলৈ কুকুৰ অহাটো ডাঙৰ কথা নহয়।”

তেওঁ লগতে কয় যে চিকিৎসালয়খনত নিৰাপত্তাৰক্ষীৰ যথেষ্ঠ অভাৱ আছে। তেওঁ এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা মত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰাইছে যদিও বিষয়টোৱে কোনো গুৰুত্ব লাভ কৰা নাই।

ইপিনে, চিকিৎসালয়খনত ঘটা এই শেহতীয়া ঘটনা সন্দৰ্ভত অধীক্ষক ড০ ডেকাই ইতিমধ্যে এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ এনে ঘটনাৰ কাৰণ ব্যাখ্যা কৰাৰ লগতে নিশাৰ সেই সময়খিনিত চিকিৎসালয়খনৰ আৰক্ষী চকীত মাত্ৰ এজন আৰক্ষীৰ বাহিৰে কোনো নিৰপত্তাৰক্ষী নাছিল বুলিও উল্লেখ কৰিছে।

নলবাৰী জিলাৰ অতিকৈ ব্যস্ত অসামৰিক চিকিৎসালয়খনৰ ২৪X৭ জৰুৰী চিকিৎসা বিভাগৰ কোঠাত কেনেকৈ কুকুৰ সোমাই চিকিৎসকৰ টেবুলত শুই থাকিব পাৰে তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছে। এই ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ তথা স্থানীয় প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -