25 C
Guwahati
Sunday, May 19, 2024

FIFA World Cup 2022: অন্তিমখন বিশ্বকাপ খেল খেলিবলৈ সাজু বিশ্ব ফুটবলৰ দুই কিংবদন্তি তাৰকা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বিশ্বৰ ফুটবলপ্ৰেমীৰ অপেক্ষাৰ অন্ত পৰিল। আজিৰ পৰা অনুষ্ঠিত হ’ব কাটাৰ বিশ্বকাপ ফুটবল।
মৰুৰ দেশত অনুষ্ঠিত হ’বলগীয়া এই ৰণা‍ংগণ চাবলৈ সাজু হৈছে বিশ্ববাসী। ইতিমধ্যে এই মেগা ইভেন্টখনত অংশ ল’বলৈ কাটাৰত উপস্থিত হৈছে ফুটবলৰ মহাতাৰকাসকল। আজিৰ পৰা আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনত ২৮ দিনৰ ভিতৰত মুঠ ৬৪ খন খেল খেলা হ’ব।এই বছৰৰ বিশ্বকাপত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিছে। কাটাৰে ইয়াৰ প্ৰস্তুতিৰ বাবে অভিলেখসংখ্যক ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে। বিশ্বকাপৰ প্ৰথম দিনা ইকুৱেডৰ আৰু আয়োজক কাটাৰৰ মাজত ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত খেল আৰম্ভ হ’ব।

অন্তিমখন বিশ্বকাপ খেল খেলিবলৈ সাজু বিশ্ব ফুটবলৰ দুই কিংবদন্তি তাৰকা লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডো।

 

View this post on Instagram

 

A post shared by Leo Messi (@leomessi)

ক্ৰিষ্টিয়ানো ৰোনাল্দো আৰু লিয়োনেল মেছি এতিয়ালৈকে খেলা দুজন শ্ৰেষ্ঠ ফুটবলাৰ আৰু কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ আগতে, দুয়োজনে শেহতীয়া ইতিহাসৰ আটাইতকৈ চৰ্চিত ফটো এখন মুকলি কৰিছে।  ফটোখনত, ৰোনাল্ডো আৰু মেছিক একেলগে দবা খেলি থকা দেখা গৈছে আৰু দুয়োজনে তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব লাগে তাৰ ওপৰত গভীৰ মনোযোগ দিয়া দেখা গৈছে । দুয়োজন তাৰকাই তেওঁলোকৰ নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত একেখন ফটো পোষ্ট কৰিছে।

এই ছবিখন শ্বেয়াৰ কৰাৰ পিছত ধুমুহাৰ দৰে ইন্টাৰনেট জগতত ভাইৰেল হৈ পৰিছে। ফুটবল বিশেষজ্ঞসকলৰ মতে, মেছি-ৰ’নাল্ডোৱে নিজৰ কেৰিয়াৰৰ পঞ্চম বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে এই ছবিখনৰ জৰিয়তে তেওঁলোকে নিজৰ লক্ষ্যত কিমান অটল সেই কথা প্ৰকাশ কৰিব বিচাৰিছে। ছবিখনত তাৰকা দুজনক ক’লা পোছাক পৰিধান কৰা দেখা গৈছে। য’ত বিশ্বজুৰি তেওঁলোকৰ অনুৰাগীয়ে ভালপোৱা প্ৰকাশ কৰিছে।
ৰোনাল্ডোৰ দ্বাৰা কৰা এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে, পোষ্টটোত ১.১ নিযুতৰো অধিক লাইক আৰু ১,৬৯,০০০ ৰিটুইট হৈছে।
উল্লেখযোগ্য যে, ২৩ তাৰিখে আৰ্জেণ্টিনাই বিশ্বকাপ নামিব। প্ৰথমখন মেচত মেছিৰ প্ৰতিদ্বন্দ্বী ছৌদি আৰব। আনহাতে, পৰ্তুগালে ২৪ তাৰিখে ঘানাৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে কাটাৰ বিশ্বকাপ আৰম্ভ কৰিব। প্ৰথমখন খেলৰ পৰাই মেছি-ৰ’নাল্ডোৰ দুভৰিৰ যাদু উপভোগ কৰাৰ বাবে অপেক্ষা কৰি আছে ফুটবলপ্ৰেমীয়ে।
- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -