35 C
Guwahati
Thursday, May 16, 2024

Assembly Election Results 2023: কোনে মাৰিব শেষ হাঁহি…পুৱা ৮ বজাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Assembly Election Results 2023: আজি ঘোষণা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।

Must Read

Assembly Election Results 2023: আজি ঘোষণা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Election Results)। তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি পুৱা ৮ বজাৰে পৰা ভোটগণনা আৰম্ভ হৈছে।

১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভাৰ (Tripura Assembly Election 2023) ৬০টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোটদানৰ হাৰ আছিল প্ৰায় ৮০ শতাংশ। আনহাতে, ২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল (Meghalaya Assembly Election 2023)। ত্ৰিপুৰাৰ দৰেই নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰো আসন ৬০খনকৈ (Nagaland Assembly Election 2023)

এগজিট প’লসমূহৰ মতে, ত্ৰিপুৰাত (Tripura) এইবাৰ বিজেপিয়ে (BJP) ৩৬ৰ পৰা ৪৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সেইদৰে বাও দলসমূহে ৬ৰ পৰা ১১খন আসন পাব পাৰে। আনহাতে, তিপ্ৰা মথা (TMP) দলে ৯ৰ পৰা ১৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, এগজিট প’ল (Exit Poll) মতে, মেঘালয়ত (Meghalaya) এনপিপিয়ে ১৮ৰ পৰা ২৪খন আসন, কংগ্ৰেছে (Congress) ১২ আৰু বিজেপিয়ে ৪–৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইফালে, নাগালেণ্ডত (Nagaland) বিজেপিয়ে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে এগজিট প’লসমূহে। ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভাৰ মেজিক নাম্বাৰ ৩১। সমীক্ষাসমূহৰ মতে, নাগালেণ্ডত এইবাৰ এনডিপিপি আৰু বিজেপিয়ে যৌথভাৱে মেজিক নাম্বাৰ লাভ কৰি চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। এগজিত প’ল মতে, নাগালেণ্ডত মিত্ৰজোঁটে ৩৮–৪৮খন, এনপিএফ দলে ৩ৰ পৰা ৮খন, কংগ্ৰেছে ১ৰ পৰা ২খন আৰু অন্যান্যৰ হাতলৈ যাব পাৰে ৫ৰ পৰা ১৫খন আসন। অৱশ্যে তিনিওখন ৰাজ্যৰ ফলাফল কি হ’ব সেয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব।

অৱশ্যে তিনিওখন ৰাজ্যৰ ফলাফল কি হ’ব সেয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব।

Photo: Google

লগতে পঢ়কঃ শুকান পাতৰ মাজত লুকাই আছে এডাল বিষাক্ত সাপ; উলিয়াওক বিচাৰি মানি ল’ম স্মাৰ্ট বুলি, ৯৯% শতাংশ লোকৰে উত্তৰে ভুল, চাওক Optical Illusion Viral Photo

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -