29 C
Guwahati
Tuesday, May 14, 2024

Assam: ৰাজ্যত নিৰ্মাণ হ’ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.
ৰাজ্যত চিকিৎসা শিক্ষাৰ উত্তৰণৰ দিশত আজি অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তিপত্ৰ স্বাক্ষৰিত হয়। এই চুক্তিখন প্ৰস্তাৱিত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লক, ইউ জি আৰু ইণ্টাৰ্ন হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে সহযোগিতাৰ হাত আগবঢ়াব। এই যৌথ পদক্ষেপে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ দিশক আগবঢ়াই নিব আশা কৰিছে ৰাজ্যবাসীয়ে।

অসম চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে কাম কৰাত গুৰুত্ব প্ৰদান কৰিছে যাতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰে উন্নয়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। বৰ্তমান বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গৱেষণামূলক কামত গুৰুত্ব দিছে।

ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ বিকাশত বহুখিনি সহায় কৰিব বুলি আশাবাদী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে, একাডেমিক ব্লক আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা চি এছ আৰ পুঁজি আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটাৰ আৰু প্ৰতিষ্ঠাপক শ্ৰীৰাধাকৃষ্ণন দামানি, দামানি ফাউণ্ডেশ্যনৰ মুখ্য চি এছ আৰ বিষয়া শ্ৰীমধু চন্দক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙো উপস্থিত থাকে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -