27 C
Guwahati
Saturday, May 18, 2024

অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব উত্তৰ-পূবৰ প্ৰথমটো মাছ সংগ্ৰহালয়

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত নিৰ্মাণ কৰা হ’ব মাছ সংগ্ৰহালয়। শীঘ্ৰেই অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰা হ’ব এই মাছ সংগ্ৰহালয় তথা fish museum , এই কথা সদৰী কৰে মীন মন্ত্ৰী টাগে টাকীয়ে।

এই সংগ্ৰহালয়টো কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ (আইএপি) অংশ হ’ব, তেওঁ দেওবাৰে কয়।

উচ্চতাৰ শীখৰৰ বুলা গাঁৱত অৱস্থিত বৰ্তমানৰ টেৰিন ফিছ ফাৰ্ম (টিএফএফ)ক আইএপি হিচাপে উন্নীত কৰা হ’ব য’ত সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ’ব।

সংগ্ৰহালয়টোত ৰাজ্যখনৰ সকলো মাছৰ প্ৰজাতি থাকিব আৰু মীন পালনৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰিব।

মীন মন্ত্ৰী টাগে টাকীয়ে কয় যে, “তিনি বছৰ আগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীলা বিপ্লৱ অনাৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ (পিএমএমএছৱাই) অধীনত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এটা আইএপি ঘোষণা কৰিছিল।

মন্ত্ৰীগৰাকীয়ে কয়, “মই হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় মীন পালন উন্নয়ন ব’ৰ্ডলৈ দুবাৰকৈ প্ৰকল্পটোৰ বিশেষজ্ঞৰ নিৰ্দেশনা বিচাৰি গৈছিলো যিটো মূলতঃ ১০০ কোটি টকাৰ বাবে প্ৰস্তাৱিত আছিল।”

চলিত বিত্তীয় বৰ্ষত প্ৰকল্পটোৰ বাবে প্ৰথম কিস্তি হিচাপে ৪৩.৫৯ কোটি টকা আৱণ্টন কৰা হৈছিল বুলি টাগে টাকীয়ে মত প্ৰকাশ কৰে ।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -