29 C
Guwahati
Sunday, May 19, 2024

ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা।

ক্ৰীড়াক্ষেত্ৰত অসামান্য সাফল্যক স্বীকৃতি দিবলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে অৰ্জুন বঁটা প্ৰদান কৰে।

বৰ্তমানলৈ অসমৰ পাঁচগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটাৰে সন্মানিত হৈছে।

ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী।
তেওঁ ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক জিকিছিল।
সেই বছৰতে তেওঁ প্ৰথম বাৰৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছিল।
ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰৰ দিনটো ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে পালন কৰা হয়।

 Pal Anupal Arjuna Awardee Bhogeswar Baruah

Pal Anupal
Arjuna Awardee Bhogeswar Baruah

মনালিছা বৰুৱা মেহতা
মনালিছা বৰুৱা মেহতা অসমৰ দ্বিতীয়গৰাকী অৰ্জুন বঁটা বিজয়ী।
টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতাই ১৯৮৭ চনত এই সন্মানীয় বঁটা লাভ কৰিছিল।
মনালিছা বৰুৱা ১২ বাৰ ৰাজ্যিক চেম্পিয়ন হৈছিল।
তেওঁ আঠবাৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ জিকিছিল।

Monalisa Barua Mehta
Monalisa Barua Mehta

জয়ন্ত তালুকদাৰ
অসমৰ তৃতীয়গৰাকী অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ আৰ্চাৰ জয়ন্ত তালুকদাৰ।
আৰ্চাৰ জয়ন্ত তালুকদাৰে ২০০৬ চনত অৰ্জুন বঁটা লাভ কৰিছিল।
জয়ন্ত তালুকদাৰে লণ্ডন অলিম্পিক ২০১২ ৰ বাবে ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ আৰ্চাৰ দলত স্থান লাভ কৰিছিল।

Olympian Jayanta Talukdar
Olympian Jayanta Talukdar

শিৱ থাপা
শিৱ থাপা ২০১৬ চনত অৰ্জুন বঁটা লাভ কৰা অসমৰ চতুৰ্থগৰাকী খেলুৱৈ।
বক্সাৰ শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল।
তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বক্সাৰ আছিল।

Shiva Thapa
Shiva Thapa 

হিমা দাস
হিমা দাস অসমৰ পঞ্চম গৰাকী অৰ্জুন বঁটাপ্ৰাপ্ত খেলুৱৈ।
ভোগেশ্বৰ বৰুৱাৰ পিছত তেওঁ দ্বিতীয় গৰাকী খেলুৱৈ যিয়ে এছিয়ান গেমছত দৌৰত পদক জিকিছিল।
তেওঁক ‘ধিং এক্সপ্ৰেছ’ হিচাপেও জনা যায়।

Hima Das
Hima Das

লাভলিনা বৰগোহাঁই
লাভলিনা বৰগোহাঁই অৰ্জুন বঁটা প্ৰাপ্ত অসমৰ ষষ্ঠগৰাকী খেলুৱৈ।
ট’কিঅ অলিম্পিক ২০২২ ত লাভলিনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Lovlina Borgohain
Lovlina Borgohain
- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -