32 C
Guwahati
Sunday, May 19, 2024

আজি এ পি জে আব্দুল কালামৰ জন্মদিন, কালামৰ বিষয়ে নজনা বহু কথা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ’স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (DRDO) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।

 কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে “ভাৰতৰ মিছাইল মানৱ”।ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি প্ৰদান কৰা হৈছে।

যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত “মই কি দিব পাৰোঁ” নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ।

বি‍শেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেওঁ যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।১৯৩১ চনৰ ১৫ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোতে তামিলনাডুৰ ৰামেশ্বৰমত তেওঁৰ জন্ম হৈছিল।

তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল।
স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেওঁ বাতৰি কাকত বিক্ৰী কৰাৰ কাম লৈছিল।

আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল।ৰাষ্ট্ৰপতিৰ কাৰ্য্যকালত কালামক আদৰতে “জনগণৰ ৰাষ্ট্ৰপতি” বুলি কোৱা হৈছিল।কালাম প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি, যি চিৰকুমাৰ আৰু পেছাত এজন বিজ্ঞানী। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ “পোখৰান-২” পাৰমাণৱিক পৰীক্ষণত
কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল ৷

কালাম ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত তৃতীয়জন ৰাষ্ট্ৰপতি। পদ্মভূষণ বঁটাৰেও সন্মানিত হৈছিল আব্দুল কালাম। লগতে ভাৰতৰ ভালেমান বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা সন্মানসূচক ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

জাতীয় নেহৰু বঁটা, বীৰ ছাভাৰকাৰ বঁটা, ইন্দিয়া গান্ধী জাতীয় সংহতি বঁটা প্ৰভূতি ভালেমান উল্লেখযোগ্য বঁটাৰে সন্মানিত তেওঁ। কালামৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- আমাৰ সপোন, মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকা আৰু তেজস্বী মন।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়। আপুনি জানেনে মৃত্যুৰ সময়ত মহান লোকজনে কিমান‌ সম্পত্তি এৰি থৈ গৈছিল?

মৃত্যুৰ সময়ত তেওঁ মাত্ৰ ২৫০০ খন কিতাপ, এটা ঘড়ী, ৬ টা ছাৰ্ট, ৪ টা পেণ্ট, ৩ যোৰ চ্যুট আৰু মাত্ৰ এযোৰ জোতা এৰি থৈ গৈছিল৷

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -