29 C
Guwahati
Sunday, May 19, 2024

প্ৰশাসনে ছীল কৰিলে PMAYৰ ঘৰত নিৰ্মাণ হোৱা মিয়া সংগ্ৰহালয়

Must Read

গোৱালপাৰাত যোৱা 25 অক্টোবৰত উদ্ধোধন হোৱা মিয়া সংগ্ৰহালয়টো আজি প্ৰশাসনে ছীল কৰে। গোৱাপলাৰা জিলা উপাযুক্তৰ নিৰ্দেশনাত উল্লেখ যে জিলাখনৰ ডপকাৰভিটা লক্ষিপুৰ গাৱৰ সোমেশ আলীৰ পুত্ৰ মোহৰ আলীৰ PMAY-G ঘৰটো প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ছীল কৰা হৈছে।

উল্লেখ্য যে এই সস্পৰ্কত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈ কয় যে সংগ্ৰহালয়টোত কেৱল এনে পৰম্পৰাগত সামগ্ৰী আছে যিয়ে সামগ্ৰিকভাৱে অসমীয়া সমাজৰ সংস্কৃতিক প্ৰতিফলিত কৰে ই মিয়া সম্প্ৰদায়ৰ সংস্কৃতিক নহয়”।ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে মিয়া সংগ্ৰহালয় সম্পৰ্কত তদন্ত কৰা হব লগতে সংগ্ৰহালয়টোত থকা বস্তুবোৰক মিয়া সম্প্ৰদায়ৰ বুলি কেনেকৈ ন্যায্যতা প্ৰদান কৰিছে সেই সম্পৰ্কে সন্তোষজনক ব্যাখ্যা নিদিলে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে ৷

পুনৰাই মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সংগ্ৰহালয়টোত তেওঁলোকে যি নাঙল ৰাখিছে, সেই নাঙল অসমীয়া মানুহে ব্যৱহাৰ কৰে, আনকি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও অসমীয়া সমাজৰ অংগ বুলি অভিহিত কৰে ৷
উল্লেখযোগ্য যে এনে এটা সংগ্ৰহালয় খোলাৰ বাবে কেনেকৈ ধন আহৰণ কৰা হ’ল, সেই তদন্তৰ বাবেও ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে ৷

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -