31 C
Guwahati
Saturday, May 18, 2024

ভাৰত-চীন সীমান্তবৰ্তী অৰুনাচলৰ ১৬৮৩ খন গাঁৱত ৪জি সেৱা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

ইটানগৰ ১নবেম্বৰঃ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত চীন – ভাৰত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ ১৬৮৩খন গাঁৱত আগন্তুক ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ৪জি সেৱাৰে সামৰি লোৱা হব ৷ এই তথ্য সদৰি কৰি ভাৰতৰ টেলিকমিনেকেশ্যন মন্ত্যালয়ে ৷

আজি টায়াঙৰ জিলা উপাযুকৰ কাৰ্যালয়ত সভাগৃহত আয়োজিত এক বৈঠকত ভাৰত চৰকাৰৰ টেলিকমিনেকেশ্যন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ভি এল কান্ত ৰাওৰ লগতে সেয়া প্ৰদানকাৰী ফাণ্ড (ইউ এছ অ’ এফ)ৰ সহ সচিব তথা চৰকাৰৰ অন্যন্য শীৰ্য বিষয়াৰ উপৰি এয়াৰটেল আৰু বি এছ এন এলৰ শীৰ্ষ বিষয়াই অংশ লয়৷এই বৈঠকত অৰ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিও উপস্থিত থাকে।

বৈঠকত সেয়া প্ৰদানকাৰী ফাণ্ড (ইউ এছ অ’ এফ)ৰ অতিৰিক্ত সচিব গৰাকীয়ে সদৰি কৰা মতে ইউ এছ অ’ এফৰ অধীনত টেলিকম সেৱা প্ৰদানকাৰীৰ পৰা সংগ্ৰহ কৰা পুঁজি দেশৰ দুৰ্গম গাঁওসমূহলৈ টেলিকম সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছে ৷ আনহাতে আগন্তুক বৰ্ষ ২০২৩ ৰ ডিচেম্বৰৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ১৬৮৩খন গাঁৱত ৪জি সেৱাৰ ব্যৱস্থা কৰা হ’ব।

এই ব্যবস্থা উন্নিত হলে ভাৰত – চীন সীমান্তত থকা ভাৰতীয় সেনাবাহিনীৰ বাবে ফলদায়ক হব ৷উল্লেখ্য যে চীনে সীমান্ত অঞ্চলত আন্তঃগাঠনি উন্নত কৰি ভাৰতক প্ৰত্যাহ্বান জনাই আহিছে ৷তেনে সময়তে ভাৰত চৰকাৰে লোৱা এই ব্যৱস্থাই সীমান্তত চীনক প্ৰত্যাহ্বান জনোৱাত সহায়ক হব ৷

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -