29 C
Guwahati
Saturday, May 18, 2024

11 Died For Heatwave| চৰকাৰৰ জ্ঞানহীন কাণ্ড! চৰকাৰী অনুষ্ঠান কিন্তু নাই কোনো পেণ্ডেল-চকী বা ছাঁ পৰা ঠাই, ঘণ্টাৰ পিছত ঘণ্টা প্ৰখৰ ৰ’দত থিয় হৈ থাকি মৃত্যু ১১জনৰ, মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ দি দায়িত্ব সামৰিলে চৰকাৰে

11 Died For Heatwave In Maharashtra| মহাৰাষ্ট্ৰত প্ৰচণ্ড গৰমত ১১জনৰ মৃত্যু। নতুন মুম্বাইত আয়োজিত হৈছিল মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ অনুষ্ঠান। সেই অনুষ্ঠানতে মুকলি আকাশৰ তলত প্ৰচণ্ড ৰ’দত থিয় হৈ থকাৰ ফলত হিট ষ্ট্ৰ’কত মৃত্যু হয় ১১জন লোকৰ।

Must Read

11 Died For Heatwave In Maharashtra| মহাৰাষ্ট্ৰত (Maharashtra) প্ৰচণ্ড গৰমত ১১জনৰ মৃত্যু (Heatwave Kills 11 At Kharghar Award Event)। নবি মুম্বাইৰ খাৰঘৰত (Navi Mumbai’s Kharghar) আয়োজিত হৈছিল মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ অনুষ্ঠান (Maharashtra Bhushan Award Ceremony)। সেই অনুষ্ঠানতে মুকলি আকাশৰ তলত প্ৰচণ্ড ৰ’দত থিয় হৈ থকাৰ ফলত হিট ষ্ট্ৰ’কত মৃত্যু হয় ১১জন লোকৰ (11 Died For Heatwave In Maharashtra)

11 Died For Heatwave
11 Died For Heatwave

চৰকাৰী অনুষ্ঠান কিন্তু নাছিল কোনোধৰণৰ চকী-পেণ্ডেল বা ছাঁ পৰা ঠাই। যাৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা প্ৰখৰ ৰ’দত থিয় হৈ থাকি মৃত্যুক সাৱটিলে ১১ গৰাকী লোকে। প্ৰখৰ ৰ’দ আৰু গৰমত অসুস্থ হৈ পৰিছিল ১২০ জনৰো অধিক লোক। তাৰে ৫০ গৰাকী লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। এমজিএম হাস্পতালত অসুস্থ লোকসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেই (Maharastra CM Eknath Shinde)

11 Died For Heatwave

ইপিনে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ মহাৰাষ্ট্ৰ চৰকাৰে ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰি দায়িত্ব সামৰিলে (CM Shinde Announces Rs 5 Lakh Relief)

11 Died For Heatwave

এই অনুষ্ঠানত সমাজকৰ্মী দত্তাত্ৰেয় নাৰায়ণ ওৰফে আপ্পাছাহেব ধৰ্মাধিকাৰীক মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ দিয়া হৈছিল, আৰু সেই উপলক্ষে তাত উপস্থিত হৈছিল তেওঁৰ লক্ষাধিক অনুৰাগী। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰ গৃহমন্ত্ৰী অমিত শ্বাহো। অমিত শ্বাহৰ (Amit Shah) হাতেৰেই মহাৰাষ্ট্ৰ চৰকাৰৰ এই বঁটা গ্ৰহণ কৰে ধৰ্মাধিকাৰীয়ে।

উক্ত অনুষ্ঠানৰ বাবে পুৱাৰ পৰাই মুকলি পথাৰত মানুহ গোট খাবলৈ আৰম্ভ কৰিছিল। পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হয় বঁটা প্ৰদান অনুষ্ঠান। জানিব পৰা মতে, উপস্থিত লাখ লাখ লোকক বহিবলৈ ছাঁ থকা ঠাই নাছিল। প্ৰচণ্ড গৰম–ৰ’দত, মুকলি আকাশৰ তলতে থিয় হৈ অংশগ্ৰহণ কৰিছিল লোকসকল (11 Died For Heatwave In Maharashtra)

Photo: Twitter

লগতে পঢ়কঃ Guwahati News| হত্যা নে অইন কিবা! ঘৰৰ গেটত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ; মৃত লোকজন ত্ৰিপুৰাৰ আছিল, ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্য…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -