32 C
Guwahati
Sunday, May 19, 2024

এশ গৰু মাৰিলে বাঘৰো মৰণ! দীৰ্ঘদিনে ট্ৰেভেল এজেঞ্চীক ঠগি ঠগি অৱেশষত আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক

Must Read

অৱশেষত জালত পৰিল দীৰ্ঘদিনে প্ৰৱঞ্চনা কৰি ফুৰা এটা মহাপ্ৰৱঞ্চক (Fraud Arrest)। মহানগৰীৰ ৩টাকৈ ট্ৰেভেল এজেঞ্চীক ঠগি আছিল মহাপ্ৰৱঞ্চক ঋষি ৰাজখোৱাই। প্ৰৱঞ্চনাৰ জালত পৰা এজেঞ্চীকেটাৰ নাম ক্ৰমে Self Drive Agency, Go Easy Tour And Travel আৰু Pic car। এই এজেঞ্চীকেইটাৰ পৰাই গাড়ী ভাড়াত লৈছিল নগাঁও কামপুৰৰ (Nagaon Kampur) প্ৰৱঞ্চক যুৱকজনে।

এই ৩টা এজেঞ্চীৰ পৰা গাড়ী ভাড়াত লৈ ঋষি ৰাজখোৱাই নিজৰ বাহন বুলি কৈ আন গ্ৰাহকক ভাড়া দিয়াৰ লগতে বহুকেইখন বাহন বন্ধকতো ৰাখিছিল ৷ কেৱল এয়াই নহয় ইয়াৰে এখন বাহন প্ৰৱঞ্চক ঋষিয়ে বিক্ৰী কৰিছিল নিজৰ পৰিয়ালৰ মানুহকে।

দীৰ্ঘদিনে ৩টা এজেঞ্চীৰ পৰা লোৱা বাহনৰ বাবদ দিবলগীয়া ধন ঘূৰাই দিয়া দিয়া নাছিল ঋষি ৰাজখোৱাই ৷ উপায়হীন হৈ অৱশেষত এজেঞ্চী কেইটাৰ মালিক কাষ চাপিছিল দিছপুৰ আৰক্ষীৰ (Dispur Police) ৷ দিছপুৰ আৰক্ষীয়ে নগাওঁ কামপুৰৰ (Nagaon Kampur) বিভিন্ন অঞ্চলৰ পৰা ৯খন গাড়ী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চক ঋষি ৰাজখোৱাক৷

এতিয়ালৈকে ৯খন গাড়ী উদ্ধাৰ হৈছে যদিও উদ্ধাৰ হোৱা নাই এখন বাহন। ইফালে নিজে কৰা ভুল লুকুৱাবলৈ প্ৰৱঞ্চক ঋষি ৰাজখোৱাই কেমেৰাৰ সন্মুখতে সাংবাদিকসকলক দিয়ে ধমক। ইপিনে প্ৰৱঞ্চক ঋষি ৰাজখোৱাক দিছপুৰ অৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

Photo: Batori24

 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -