পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে ক্ৰিষ্টিয়ানো ৰোনাল্ড’
ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ই কালি সদ্যোজাত পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে খেলুৱৈ গৰাকী। ১৮ এপ্ৰিলৰ মাজনিশা সামাজিক মাধ্যম যোগে সদৰি কৰে এই দুঃখবৰ। ৰোনাল্ডো আৰু জাৰ্জিনাৰ যমজ সন্তান হৈছিল। এই যমজ সন্তানৰ আগমণৰ কথা পূৰ্বেই সদৰি কৰিছিল ৰোনাল্ডোই। ইয়াৰে এটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তান আছিল। কালি জন্ম পাই সন্তান দুটি। কিন্তু ইয়াৰে পুত্ৰ সন্তানটি মৃত্যুমুখত পৰে। তাৰ বিপৰীতে কন্যা সন্তানটি সুকলমে থাকে। এই বিষয়ে সদৰি কৰি ৰোনাল্ডোই লিখে এয়া এক গভীৰ শোক।
এহাল পিতৃ-মাতৃয়েহে বুজিব পাৰে সন্তান বিয়োগৰ দুখ। এতিয়া কেৱল কন্যা সন্তানটিৰ মুখ চাই কিছু শান্তনা লভিব লাগিব বুলি দুখ প্ৰকাশ কৰে ৰোনাল্ডোই। লগতে কন্যা সন্তান আৰু মাতৃক সুকলমে ৰখাৰ বাবে চিকিৎসক আৰু নাৰ্চ সকলক ধন্যবাদ জনাই খেলুৱৈ গৰাকী। লগতে ইয়াকো কয় যে, এই দুখৰ সময়ত যেন কোনো লোকেই আমনি নিদিয়ে তেওঁলোকক। এয়া কেৱল ব্যক্তিগত সময়।
— Cristiano Ronaldo (@Cristiano) April 18, 2022