34 C
Guwahati
Saturday, May 4, 2024

APSC কেলংকাৰীৰ গোচৰৰ ‘চাৰ্জ ফ্ৰেম’,দোষী প্ৰমাণ হ’লে হ’ব ১০ বছৰ জে’ল

Must Read

APSC কেলংকাৰীৰ গোচৰৰ ‘চাৰ্জ ফ্ৰেম’ : দোষী প্ৰমাণ হ’লে হ’ব ১০ বছৰ জে’ল

এ পি এছ চি কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্রেম’ সম্পন্ন। মুঠ ৬৭ জনৰ বিৰুদ্ধে ‘চাৰ্জ ফ্ৰেম’। কেলংকাৰীত অভিযুক্ত দুঅধিবক্তা শৈলেন শইকীয়া, ব্যৱসায়ী সুৰজিৎ চৌধুৰী দোষমুক্ত। দোষমুক্ত হোৱা সুৰজিৎ চৌধুৰী কেলংকাৰীত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী। আনহাতে দুই অভিযুক্ত সুদীপ দাস আৰু ৰাজীৱ পালক পলাতক ঘোষণা আদালতৰ। ইয়াৰে ৰাজীৱ পাল এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ।

এ পি এছ চি কেলংকাৰী গোচৰত মুঠ ৬৭জনক অভিযুক্ত কৰি ‘চাৰ্জ ফ্রেম’।‘চাৰ্জ ফ্রেম’ কৰা ৬৭ জন অভিযুক্তৰ ভিতৰত ৬০ জনেই হৈছে প্রাৰ্থী। আনহাতে আন ৭ জন হৈছে এ পি এছ চিৰ সদস্য আৰু কৰ্মচাৰী। ৬৭ গৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্ষ কৰা হৈছে ২১, ২২ আৰু ২৩ এপ্ৰিল। ইফালে অভিযুক্তসকলৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰা হৈছে সেই ধাৰাত দোষী প্ৰমাণ হ’লে ১০ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে বুলি জানিব পৰা গৈছে।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -