29 C
Guwahati
Tuesday, April 30, 2024

অনিশ্চয়তাত আই পি এল। কোৱাৰেণ্টাইনত দিল্লী কেপিটেলছৰ  সম্পূৰ্ণ দল!

Must Read

অনিশ্চয়তাত আই পি এল। কোৱাৰেণ্টাইনত দিল্লী কেপিটেলছৰ  সম্পূৰ্ণ দল!

আই পি এলত প্ৰৱেশ কৰিলে কোৰোনাই। দিল্লীৰ কেপিটেলছৰ এগৰাকী ফিজিঅ’ থেৰাপিষ্ট কোৰোনাত আক্ৰান্ত হোৱাৰ পিছে আন এজন বিদেশী খেলুৱৈ কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছে। প্ৰথমে দলটোৰ ফিজিঅ’ পেট্ৰিক ফাৰহাৰ্ট কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে দলটোৰ এগৰাকী বিদেশী খেলুৱৈৰ দেহত কোৰোনাত অৱস্থিতি নিশ্চিত কৰা হৈছে।

দিল্লী কেপিটেলছৰ প্ৰতিগৰাকী খেলুৱৈক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে। দুদিন পিছত তেওঁলোক সকলোৰে কোৰোনা পৰীক্ষা কৰা হ’ব। তাৰ পিছতে তেওঁলোক পৰৱৰ্তী খেলৰ বাবে ৰাওনা হ’ব। বৰ্তমান দলটোৰ পুনেৰ ভ্ৰমণ স্থগিত ৰখা হৈছে।

উল্লেখ্য যে দিল্লী কেপিটেলছৰ পৰৱৰ্তী মেচ আছিল পঞ্জাৱ কিংছৰ বিৰুদ্ধে। ২০ এপ্ৰিলত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল সেই মেচখন। কিন্তু দলটোৰ সদস্যৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত এতিয়া অনিশ্চয়তাত সেই মেচখন। অৱশ্যে সূত্ৰ অনুসৰি দুদিন পিছত কোৰোনাৰ পৰীক্ষা কৰাৰ পিছত যিসকলৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা নপৰে তেওঁলোকক পুনেলৈ প্ৰেৰণ কৰা হ’ব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -