29 C
Guwahati
Tuesday, May 21, 2024

IPL আধাতে সামৰি ঘৰলৈ উভতিল RCBৰ পেচ বলাৰ হৰ্ষল পেটেল

Must Read

IPL আধাতে সামৰি ঘৰলৈ উভতিল RCBৰ পেচ বলাৰ হৰ্ষল পেটেল

জীৱন সঁচাকৈয়ে এক দুৰ্বোধ্য সাঁথৰ। আইপিএল আধাতে সামৰি ঘৰলৈ উভতিবলগীয়া হয় হৰ্ষল পেটেল। হৰ্ষলৰ ভগ্নী অৰ্চিতা পেটেলৰ মৃত্যু ঘটিছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা খেলখনৰ পাছতে হঠাতে অহা খবৰে শোকস্তব্ধ কৰি তুলিছে হৰ্ষলক।

তিনি ভাই-ভনীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ অৰ্চিতা পেটেল কিছুদিন ধৰি অসুস্থ হৈ আছিল। ভগ্নীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অন্য খেলুৱৈ আৰু মেনেজমেণ্টৰ সহযোগত গুজৰাটৰ সানন্দস্থিত ঘৰলৈ ৰাওনা হয়। অৱশ্যে তেওঁ ভগ্নীৰ অন্তিম সংস্কাৰত উপস্থিত থকাৰ পিছত পুনৰ দলৰ মাজলৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে। কিন্তু ‘বায়’ বাবল’ৰ পৰা বাহিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিছুদিন কোৱাৰেণ্টাইন হৈ থাকিবলগা হ’ব পাৰে। যাৰ বাবে ১২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজৰ খেলখনত অংশ ল’ব নোৱাৰিব পাৰে হৰ্ষল পেটেলে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -