30 C
Guwahati
Saturday, May 18, 2024

বহাগৰ প্ৰথম সপ্তাহতে বিয়াৰ বাবে সাজু  বলিউড, কিন্তু কাৰ?

Must Read

বহাগৰ প্ৰথম সপ্তাহতে বিয়াৰ বাবে সাজু  বলিউড, কিন্তু কাৰ?

পুনৰ আন এখন বিয়াৰ বাবে সাজু হৈছে বলিউড। দীৰ্ঘদিন ধৰি চলি থকা বিভিন্ন জল্পনা কল্পনাৰ অন্তত কাপুৰ পৰিয়ালৰ বোৱাৰী হ’বলৈ আগবাঢ়িছে ভাট পৰিয়ালৰ কন্যা তথা তাৰকা অভিনেত্ৰী আলিয়া। বহাগৰ প্ৰথম সপ্তাহতে মাহ হালধিৰ গোন্ধ ল’ব ৰণবীৰ আলিয়াই।

বলিউডত কাপুৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মই দীৰ্ঘ সময় ধৰি ৰাজ কৰি আহিছে বুলি কলেও ভুল কোৱা নহ’ব। কাপুৰ পৰিয়ালৰ প্ৰায়বোৰ সদস্যই হৈছে দেশৰ তাৰকা। একেদৰে ভাট পৰিয়ালো কম নহয়। কাপুৰ আৰু ভাট এই দুয়ো পৰিয়ালেই এতিয়া সম্পৰ্কৰ বান্ধোনেৰে ভান্ধ খাবলৈ প্ৰস্তুত।দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰখা ৰণবীৰ কাপুৰৰ লগত বিয়াত বহাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আলিয়া ভাটে।

অহা ১৭ এপ্ৰিলত বিবাহ পাশত আবদ্ধ হ’বলৈ সাজু হৈছে দুয়ো তাৰকা।দীৰ্ঘদিনৰ পৰা দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ লগতে বলিউড পৰিয়াল এই বিয়াখনক লৈ উৎসাহী হৈ আছিল যদিও পৰিস্থিতিৰ মাজত পৰি অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বিয়াত বহু তাৰকাই লাভ নকৰিব নিমন্ত্ৰণ।

­

উল্লেখ্য যে চেম্বুৰৰ আৰ কে ষ্টুডিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই বিবাহত দুয়ো পৰিয়ালৰ সদস্যৰ বাহিৰে কেৱল মাত্ৰ ৰনবীৰ কাপুৰৰ কেইজনমান অন্তৰংগ বন্ধুৰ লগতে খুব কম সংখ্যক লোকহে উপস্থিত থাকিব।দুয়ো পৰিয়ালৰ সদস্যৰ বাহিৰে কেৱল মাত্ৰ ৰনবীৰ কাপুৰৰ কেইজনমান অন্তৰংগ বন্ধুৰ লগতে খুব কম সংখ্যক লোকহে উপস্থিত থাকিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -