গ্ৰীচৰ কালিথেয়াত অনুষ্ঠিত দ্বাদশ ইন্টাৰনেশ্যনেল জাম্পিং মীটত স্বৰ্ণ পদক জয়ী কৰিলে ভাৰতীয় যুৱকে। স্বৰ্ণপদ খিতাপ জয়ী কৰিবলৈ সক্ষম ভাৰতৰ মুৰলি শ্ৰীশংকৰ।
লং জাম্পিং প্ৰতিযোগীতাত ৮.৩১ মিটাৰ দূৰত্ব লৈ জপিয়াই স্বৰ্ণ পদ খিতাপ জয়ী কৰে শ্ৰীশংকৰে। ৮.২৭ মিটাৰ দূৰত্বলৈ জপিয়াই ৰূপৰ পদক অৰ্জন কৰে ছুইডেনৰ থ’বিয়াছ মন্টলাৰে। ফ্ৰান্সৰ জুলেছ প’মেৰীয়ে ৮.১৭ মিটাৰ দূৰত্বলৈ জপিয়াই ব্ৰঞ্জৰ পদক জয় কৰে।
টকিঅ’ অলিম্পিকত অংশ লোৱাৰ পিছত শ্ৰীশংকৰে নিজৰ প্ৰথম আউটডৰ ইন্টাৰনেশ্বনেল মীটত অংশ লৈছিল।