গীতাঞ্জলি শ্ৰীলৈ বুকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ৫০ হাজাৰ গ্ৰেট ব্ৰিটেইন পাউণ্ড লাভ কৰিলে শ্ৰীয়ে । সাহিত্যৰ অস্কাৰ হিচাপে খ্যাত আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান আজুৰিবলৈ সক্ষম হৈছে ভাৰতীয় লেখিকা গৰাকীয়ে।
উল্লেখযোগ্য যে, উপন্যাস ‘Tomb of Sand’ ৰ বাবে ২০২২ বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে ভাৰতীয় সাহিত্যিকগৰাকীয়ে। লণ্ডনত আনুষ্ঠানিকভাৱে বুকাৰ প্ৰদান অনুষ্ঠান অনুস্থিত হয় ।
ভাৰতীয় লেখিকা গীতাঞ্জলি শ্ৰী আৰু আমেৰিকান অনুবাদক ডেইজি ৰকৱেলে তেওঁলোকৰ উপন্যাস ‘ড়ুম্ব অফ ছেণ্ড’ৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে।
এগৰাকী ৮০ বছৰীয়া মহিলাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাসখনৰ মূল নামটো হৈছে ‘ৰেত সমাধি’। বুকাৰ সন্মান লাভ কৰি দেশবাসীৰ বাবে সন্মান বৃদ্ধি কৰিলে গীতাঞ্জলী শ্ৰীয়ে।