36 C
Guwahati
Tuesday, May 14, 2024

এতিয়া বিধায়ক কিনা-বেচাতো দিব লাগিব জিএছটি! কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মন্তব্য

Must Read

মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমকলৈ দেশবাসী বৰ্তমান উদ্বিগ্ন হৈ আছে৷ মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সৈতে সাঙোৰ খাই পৰিছে বিধায়ক কিনা-বেচাৰ কথাও৷ যাক সাধাৰণতে হৰ্ছ ট্ৰেডিং বুলিয়েই সকলোৱে জানে৷ মহাৰাষ্ট্ৰত বিজেপিয়ে শিৱসেনাৰ একাংশ বিধায়কক কিনিলৈ চৰকাৰ গঠন কৰিবলৈ ওলোৱা বুলি চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এতিয়াৰে পৰা হৰ্ছ ট্ৰেডিং অৰ্থা‌ৎ বিধায়ক কিনা-বেচাতো জিএছটি দিব লাগিব বুলি কৰা মন্তব্যই বহুতোকে হাঁহিৰ খোৰাক যোগাইছে৷

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেলত কয় যে, হৰ্ছ ট্ৰেডিং, মানে বিধায়কৰ কিনা-বেচাতো ২৮ শতাংশ জিএছটি লগোৱা হ’ব৷

মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাত, ‘হৰ্ছ ট্ৰেডিং’ বাক্যাংশটো পুনৰ প্ৰাসংগিক হৈ পৰিছে। বিৰোধী শিবিৰে অভিযোগ কৰিছে যে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পতনৰ এটা কাৰণ আছিল “হৰ্ছ ট্ৰেডিং”।ইয়াৰ আঁৰত নিৰ্মলা সীতাৰমণৰ দল বিজেপি থকা বুলিও কথা ওলাই আছে।

দৰাচলতে সংবাদমেলত কেচিনো, অনলাইন গেমিং, ঘোঁৰা দৌৰৰ ক্ষেত্ৰত বা লটাৰীৰ ওপৰত ২৮ শতাংশ জিএছটি লগোৱাৰ কথা ক’বলৈ গৈ বিত্ত মন্ত্ৰী সীতাৰমণে হৰ্ছ ৰেচিং কথাষাৰক হৰ্ছ ট্ৰেডিং বুলি ভুলতে উল্লেখ কৰে৷ সীতাৰমণৰ এই ভিডিঅ’ নিমিষৰ ভিতৰতে ভাইৰেল হৈ পৰিছে৷ নেটত মন্তব্যটোকলৈ বহুতে কৌতুকো কৰিছে৷

নেটিজেনসকলৰবহুতে কৈছে যদি হৰ্ছ ট্ৰেডিঙৰ বাবে জিএছটি পৰিশোধ কৰিব লগা হয় তেন্তে নিৰ্মলাৰ নিজা দল বিজেপিয়ে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ’ব। কিছুমান লোকে পুনৰ কৈছে যে বিধায়ক ক্ৰয়ৰ ক্ষেত্ৰত জিএছটি লগালে ভাল হ’ব, সাধাৰণ মানুহৰ কৰৰ ধন কিছু পৰিমাণে ৰাহি হ’ব।

তৃণমূল কংগ্ৰেছেও কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক উপহাস কৰি টুইট কৰিছে “বিজেপিয়ে এইবাৰ উপাৰ্জনৰ বিকল্প উপায় বিচাৰি পালে নেকি? দেশক সকলো দিশৰ পৰা লুণ্ঠন কৰাৰ পিছত, পিঁয়াজ-নহৰু নোখোৱা মন্ত্ৰীজনে এতিয়া হৰ্ছ ট্ৰেডিঙৰ ওপৰত জিএছটি কাৰ্যকৰী কৰাৰ চেষ্টাও কৰিছে। “

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -