আজি কালি প্ৰতেকৰে ঘৰত একোজনকৈ থাইৰয়ড ৰোগী থাকে বুলি ক’লেও মিছা কোৱা নহয়। বৰ্তমান সময়ত থাইৰয়ড সমস্যা তেনেই সাধাৰণ হৈ পৰিছে।
সাধাৰণতে শৰীৰত আয়ডিনৰ অভাৱৰ কাৰণেই দেখা দিয়ে এই থাইৰয়ড সমস্যা সমূহ। পুৰুষৰ তুলনাত মহিলাসকল বেছিকৈ আক্ৰান্ত হয় থাইৰয়ডজনিত সমস্যাত।
চিকিৎসা বিজ্ঞানীসকলে সাধাৰণতে থাইৰয়ডক দুটা ভাগত বিভক্ত কৰিছে। যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত হৰমন প্ৰস্তুত নকৰে, তেতিয়া তাক হাইপোথাইৰয়ডিজম বুলি কোৱা হয়। আনহাতে, যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে শীঘ্ৰ গতিত কাম কৰি অধিক হৰমন প্ৰস্তুত কৰে, তেতিয়া তাক হাইপাৰথাইৰয়ডিজম বুলি কোৱা হয়। হাইপাৰথাইৰয়ডিজম অধিক মহিলাৰ ক্ষেত্ৰত হোৱা দেখা যায়।
প্ৰাকৃতিকভাৱে থাইৰয়ড সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। সকলোৰে ঘৰত সহজতে উপলব্ধ তুলসী পাত থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে যথেষ্ট উপযোগী।
তুলসী পাতত থকা এন্টি বেক্টেৰিয়েল, এন্টি ভাইৰেল, এন্টি ফাংগাল আৰু এন্টি ইনফ্লেমেট’ৰি থকাৰ বাবে থাইৰয়ডজনিত ৰোগত আক্ৰান্ত হোৱাজনে তুলসী পাত চাহৰ দৰে সিজাই খালে সুফল লাভ কৰে।
আনহাতে, থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে ঘিতকুমাৰীও বহু গুণে উপকাৰী। এক চামুচ এল’ভেৰা তুলসী পাতৰ সৈতে মিলাই খালে বহু পৰিমাণে থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি।