ইউক্ৰেইনত সাধাৰণ নাগৰিকৰ হত্যালীলাক লৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ দাবী
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ অব্যাহতৰ মাজতে ৰাষ্ট্ৰসংঘত এক বিশেষ দাবী তুলিলে ভাৰতে। ইউক্ৰেইনত সাধাৰণ নাগৰিকৰ হত্যালীলাক লৈ উদ্বেগ প্ৰকাশ কৰিলে ভাৰতে। ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে দাবী কৰিলে যে, এই ঘটনাৰ নিৰপেক্ষ তদন্ত হওঁক। ইউক্ৰেইন বা ৰাচিয়া, যিয়েই জগৰীয়া নহওঁক তাৰ উচিত শাস্তি পাওক।
ইফালে ইউক্ৰেইনেও ৰাষ্ট্ৰসংঘৰ মজিয়াত দাবী উত্থাপন কৰিলে যে, যুদ্ধ অপৰাধৰ বাবে ৰুছ সেনাক ততক্ষণাত ন্যায়ৰ সন্মুখীন কৰাব লাগিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাত এই দাবী উত্থাপন কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে।
উল্লেখ্য যে, বিগত এমাহৰো অধিক কাল ধৰি অব্যাহত আছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ।