22.2 C
Guwahati
Saturday, May 4, 2024

প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

Must Read

প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে (Boris Johnson) অহা সপ্তাহত অৰ্থাৎ ২১ এপ্ৰিলত ভাৰত ভ্ৰমণ কৰিব। বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তাৰ বিষয়বোৰ আলোচনা কৰিব বুলি জানিব পৰা গৈছে। জনছনে ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত কয়- “যিহেতু আমি স্বৈৰাচাৰী ৰাজ্যসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈ আছোঁ, সেয়েহে গণতন্ত্ৰ আৰু বন্ধুবৰ্গ একেলগে থকাটো গুৰুত্বপূৰ্ণ।”

উল্লেখ্য, ইউক্ৰেইন ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ব্ৰিটেইন আৰু ভাৰতৰ ভিন্ন দৃষ্টিভংগী আছে। এফালে, লণ্ডনে মস্কোৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে আৰু কিয়েভক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। আনহাতে, মোদী চৰকাৰে ৰাছিয়াক মুকলিকৈ গৰিহণা দিয়া নাই। ভাৰতে কৈছে যে ৰাছিয়া ভাৰতৰ পুৰণি বন্ধু আৰু দেশৰ বৈদেশিক নীতিৰ এক অপৰিহাৰ্য স্তম্ভ।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছনে ২১-২২ এপ্ৰিলৰ ভ্ৰমণত চাকৰি আৰু অৰ্থনৈতিক বিকাশৰ পৰা শক্তি সুৰক্ষা আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিব। “এক মুখ্য অৰ্থনৈতিক শক্তি আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰত বৰ্তমান ইউকেৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ।” জনছনৰ কাৰ্যালয়ে কয়। বৰিছ জনছনে ব্ৰিটেইন আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনাত আগবাঢ়িবলৈ চেষ্টা কৰিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -