26.2 C
Guwahati
Saturday, May 4, 2024

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে দহ হাজাৰ ভক্তৰ সতে পাঠ কৰিলে হনুমান চালিচা

Must Read

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে দহ হাজাৰ ভক্তৰ সতে পাঠ কৰিলে হনুমান চালিচা।

প্ৰথমবাৰৰ বাবে লুইতৰ পাৰত ১ লাখ ১০ হাজাৰবাৰ হনুমান চালিচা পাঠ ৷ হনুমান চালিচাৰ সমান্তৰালকৈ ১০ হাজাৰ ভক্তৰ বাজিল ভোৰতাল ৷ এটা দিনৰ বাবে ভক্তিৰ মঙ্গলধ্বনিত বিলীন হ’ল উত্তৰ গুৱাহাটী ৷

দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ লুইতৰ মধ্যম খণ্ডত অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰী হনুমান জয়ন্তী ৷ দুদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ৷ সামৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে’কে ধৰি বহু আগশাৰীৰ বিজেপি নেতা-কৰ্মী ৷

প্ৰথমবাৰৰ বাবে উত্তৰ গুৱাহাটীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১০ হাজাৰৰো অধিক ভক্তৰ সমাগম ঘটে ৷ সমৱেত এগৰাকী ভক্তই পাঠ কৰে মুঠ ১১বাৰ কৈ হনুমান চালিচা ৷ এনে ভক্তৰ ৰূপত উপস্থিত থাকে ৰাজ্যৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে’ ৷ সেয়ে দুই মুখ্যমন্ত্ৰীয়ে আন ভক্তৰ স’তে একেলগে ১১ বাৰকৈ পাঠ কৰে হনুমান চালিচা ৷

উল্লেখ্য যে, হনুমান চালিচা পাঠ কৰি মুখ্যমন্ত্ৰীয়ে কয় – দেশ আৰু বিশ্বৰ প্ৰতিগৰাকী লোকৰ সুখ-শান্তি অটুট থাকক ৷ হনুমন্তৰ শ্ৰীচৰণত এয়া প্ৰাৰ্থনা ৷

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -