26 C
Guwahati
Friday, May 3, 2024

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত আৰম্ভ ৰঙালী

Must Read

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত আৰম্ভ ৰঙালী।

কভিড মহামাৰীয়ে জুৰুলা কৰা ৰাজ্যবাসীয়ে দুবছৰৰ ব্যৱধানত এইবছৰ উদযাপন কৰিবলৈ লৈছে চেনেহৰ বাপুটি সাহোন ৰঙালীক। ৰঙালীৰ উপলক্ষে আজিৰে পৰা তিনিদিনীয়া কৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব ৰঙালী। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালী শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰঙালীৰ মুখ্য আকৰ্ষণ হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুপ্ৰাণিত ভকেল ফৰ লকেল প্ৰদৰ্শনী। এই প্ৰদৰ্শনীৰ জৰিয়তে চাহ জনজাতি সম্প্ৰদায়ৰ বিশেষ প্ৰদৰ্শনী এক মুখ্য আকৰ্ষণ হ’ব। ৰঙালীয়ে বিশেষকে বিহু হুঁ‌চৰি আৰু বিহুৱতী প্ৰতিযোগীতাৰ আয়োজন কৰিছে। সমগ্ৰ অসমৰ শ্ৰেষ্ঠ বিহু হুঁ‌চৰি দল্লবোৰে ইয়াত অংশ গ্ৰহণ কৰিব। ৰঙালীৰ বাকৰিত মহাপুৰুষ শংকদেৱৰ সৃষ্ট ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি অংকীয়া ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

ৰঙালীয়ে হিয়া দিয়া নিয়া, মিছন চাইনা, ৰত্নাকৰ আদি ব্লকবাষ্টাৰ চিনেমাৰ প্ৰদৰ্শন আয়োজন কৰিছে। ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য প্ৰদৰ্শনী, আকৰ্ষণীয় অসম হস্ততাঁ‌ত সামগ্ৰীৰ লগতে বিভিন্ন কাৰুশিল্পৰ প্ৰদৰ্শনী, লগতে অসমৰ বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ৰ অজস্ৰ ব্যঞ্জণ উপস্থাপন কৰা হ’ব।

এইবাৰ ৰঙালীৰ মুখ্য আকৰ্ষণ হৈছে বলিউড তাৰকা আৰু সংগীতজ্ঞ শ্ৰুতি হাছান। তেওঁ‌ অসম সন্তান শান্তনু হাজৰিকাৰ সৈতে অসমৰ উপস্থিত থাকিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -