27 C
Guwahati
Sunday, May 5, 2024

আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

Must Read

আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

মৰিগাঁৱত পুনৰ আৰক্ষীৰ একাউণ্টাৰ। এইবাৰ ঘটনাৰ স্থান মৈৰাবাৰী। আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলাম।

লাহৰিঘাটত আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক। ড্ৰাগছ সৰবৰাহৰ অভিযোগত যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলৰ লগতে আন দুজনক। গ্ৰেপ্তাৰ পিছত নিশা নিজ গৃহত লুকাই থোৱা ড্ৰাগছ দেখুৱাবলৈ যাওঁতে পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে জেহিৰুলৰ ভৰিত গুলিয়াবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কেইবাবাৰো জে’লত যাবলগীয়া হৈছিল ধৃত মৈৰাবাৰীৰ এই জেহিৰুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজন। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যত বৰ্তমান সময়ছোৱাত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -