33 C
Guwahati
Monday, April 29, 2024

৩১ মে’ লৈ পৰ্যটকৰ বাবে খোলা থাকিব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

Must Read

৩১ মে’ লৈ পৰ্যটকৰ বাবে খোলা থাকিব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

বাৰিষা সমাগত যদিও কাজিৰঙা ৰাষ্ট্রীয় উদ্যান লৈ দেশ-বিদেশৰ পর্যটকৰ আগমন অব্যাহত আছে । কাজিৰঙালৈ পৰ্যটকৰ আগমন অব্যাহত থকাত উদ্যান কর্তৃপক্ষই এক বিশেষ সিন্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্রীয় উদ্যানখনত পর্যটকৰ সুবিধার্থে চলিত মাহৰ ৩১ তাৰিখলৈকে জীপ ছাফাৰী মুকলি কৰি দিছে উদ্যান কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, বাৰিষা অহাৰ লগে লগে অত্যধিক বৰষুণৰ ফলত পর্যটকে ভ্ৰমণ কৰা বাট পথবোৰ বোকাময় হৈ পৰাৰ ফলত জীপ ছাফাৰী কৰাত সমস্যাৰ সৃষ্টি হয়। সেয়েহে, প্রতি বছৰে মে’ মাহৰ পৰা অত্যধিক বৰষুণ হোৱাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰীও বন্ধ কৰি দিয়ে।

এইবাৰ পৰ্যটকে জীপ ছাফাৰী কৰা বাট-পথবোৰ এতিয়ালৈকে ভাল হৈ থকাত বিশেষ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নোহোৱাত ৩১ মে’ লৈ মুকলি কৰি দিছে জীপ ছাফাৰী।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জনপ্ৰিয়তা পূৰ্বৰ তুলনাত দেশ বিদেশৰ পৰ্যটকৰ মাজত বৃদ্ধি পাইছে। যাৰ ফলত আন পৰ্যটন বৰ্ষৰ তুলনাত এইবাৰ কাজিৰঙালৈ পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে।

উল্লেখ্য যে, বিগত দুটা বছৰ মহামাৰী ক’ভিডৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন একপ্ৰকাৰ শূন্য হৈ পৰিছিল। এইবাৰ ক’ভিডৰ সংক্ৰমণ কিছু হ্রাস হোৱাত কাজিৰঙালৈ দেশীয় পৰ্যটকৰ আগমন ঘটিছে যদিও বিদেশী পর্যটকৰ আগমন অতি নিম্ন।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -