31 C
Guwahati
Saturday, May 18, 2024

বৃক্ক ৰোগৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পৰি? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন…..

Must Read

বৃক্কয়ে যেতিয়া তেজৰ পৰা আৱৰ্জনাসমূহ শুদ্ধিকৰণ কৰাৰ ক্ষমতা হেৰুৱায় তেতিয়াই বৃক্ক ৰোগে দেখা দিয়ে । পূৰ্বতকৈ বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা ভাৰতীয়ৰ সংখ্যা দুগুণ লৈ বৃদ্ধি পাইছে ; প্ৰাপ্তবয়স্ক লোকৰ প্ৰায় ৮ ৰ পৰা ১০% লোক বৃক্ক ৰোগত আক্ৰান্ত। ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ হৈছে বৃক্ক ৰোগৰ আটাইতকৈ বিপদাশংকাৰ কাৰক। সেয়েহে বৃক্ক ৰোগ থকা লোকসকলে বিশেষ আহাৰ আৰু স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰাটো খুবেই প্ৰয়োজনীয়।

বৃক্ক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি খাদ্য খোৱা উচিত?

১/ বন্ধাকবি : বন্ধাকবিত পটাছিয়াম, ফছফৰাছ আৰু ছডিয়াম কম থাকে যি বৃক্কৰ সমস্যাত ভুগি থকা ৰোগীৰ বাবে স্বাস্থ্যকৰ।

২/ ফুলকবি : ফুলকবিয়ে আপোনাৰ শৰীৰক বিষাক্ত পদাৰ্থ বোৰ ধ্বংস কৰাত সহায় কৰে। এক কাপ ফুলকবিত ১৯ মিগ্ৰা ছডিয়াম, ১৭৬ মিগ্ৰা পটাছিয়াম আৰু ৪০ মিগ্ৰা ফছফৰাছ থাকে।

৩/ নহৰু : নহৰু হৈছে মেঙ্গানিজ, ভিটামিন চি আৰু ভিটামিন বি6-ৰ এক ভাল উৎস। ই নিমখৰ এক সুস্বাদু বিকল্প, ই ব্যঞ্জনত সোৱাদ যোগ দিয়ে আৰু যথেষ্ট পুষ্টিকৰ। ৯ গ্ৰাম নহৰুত ১.৫ মিগ্ৰা ছডিয়াম, ৩৬ মিগ্ৰা পটাছিয়াম আৰু ১৪ মিগ্ৰা ফছফৰাছ থাকে।

৪/ কণীৰ বগা অংশ : কণীৰ বগা অংশই এক উচ্চ মানদণ্ডৰ, বৃক্ক-অনুকূল প্ৰ’টিনৰ উৎস প্ৰদান কৰে। ডায়েলাইচিছ চিকিৎসা কৰা লোকসকলৰ বাবে এইবোৰ এক ভাল বিকল্প, যাৰ বাবে ভাল পৰিমাণৰ প্ৰ’টিনৰ প্ৰয়োজন কিন্তু সীমিত ফছফৰাছ। ৬৬ গ্ৰাম কণীৰ বগা অংশত ১১০ মিগ্ৰা ছডিয়াম, ১০৮ মিগ্ৰা পটাছিয়াম আৰু ১০ মিগ্ৰা ফছফৰাছ থাকে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -