36 C
Guwahati
Thursday, May 16, 2024

ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ হিমা দাসৰ

Must Read

ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ হিমা দাসৰ

দীৰ্ঘদিনৰ বিৰতিৰ মুৰত পুনৰ পদক জয়ৰ যাত্ৰালৈ উভতি আহিছে ধিং এক্সপ্ৰেছ হিমা দাস। কেৰালাৰ কালিকটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত স্বৰ্ণপদক লাভ কৰে তাৰকা এথলীট হিমা দাসে।
মহিলাৰ ২০০ মিঃ দৌৰত হিমা দাসে ২৩.৬৩ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। দীৰ্ঘ সময়ৰ মূৰত সফলতা লাভ কৰিছে হিমা দাসে। হিমা দাসৰ এই সফলতাত এতিয়া উৎফুল্লিত ৰাজ্যবাসী। হিমা দাসৰ লক্ষ্য আগন্তুক এছিয়ান গেমছ, কমনৱেলথ গেমছৰ লগতে ২০২৪ চনত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছ।

হিমা দাসৰ উপৰিও পুৰুষৰ ২০০ মিটাৰ দৌৰত অম্লান বৰগোঁহায়ে ২০.৫২ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰে। হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পাছতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনত আনন্দৰ জোৱাৰ উঠিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -