21 C
Guwahati
Monday, May 6, 2024

ক্ৰিকেটাৰ ঋদ্ধিমান সাহাক ভাবুকি দিয়াৰ অভিযোগত BCCIএ সাংবাদিক বৰিয়া মজুমদাৰক দুবছৰৰ বাবে নিষিদ্ধ কৰিছে

Must Read

ক্ৰিকেটাৰ ঋদ্ধিমান সাহাক ভাবুকি দিয়াৰ অভিযোগত BCCIএ সাংবাদিক বৰিয়া মজুমদাৰক দুবছৰৰ বাবে নিষিদ্ধ কৰিছে

ভাৰতীয় দলৰ উইকেটৰক্ষক বেটছমেন ঋদ্ধিমান সাহাক ভাবুকি দিয়া মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত বিচিচিআইয়ে জ্যেষ্ঠ সাংবাদিক বোৰিয়া মজুমদাৰক দুবছৰৰ বাবে নিষিদ্ধ কৰে। বিচিচিআইয়ে গঠন কৰি দিয়া বিশেষ কমিটিয়ে বোৰিয়া মজুমদাৰক দোষী সাব্যস্ত কৰাৰ পাছতে বিচিচিআইয়ে সাংবাদিক গৰাকীক দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে, ফেব্ৰুৱাৰি মাহত ঋদ্ধিমান সাহাই এটা বাৰ্তাৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। স্ক্ৰীণশ্বটটোত সাহাক এজন সাংবাদিকে ভাবুকি দিছিল আৰু তাৰপাছতে উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশ্যে ঋদ্ধিমান সাহাই সেই সময়ত সাংবাদিকজনৰ নাম প্ৰকাশ কৰা নাছিল। ইয়াৰ পিছত, সাহাক প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীকে ধৰি বহু খেলুৱৈয়ে সকলোৰে সন্মুখত সাংবাদিকজনৰ নাম প্ৰকাশ কৰিবলৈ কৈছিল।

এই ঘটনাৰ পাছতে বিচিচিআইয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে উপ-সভাপতি ৰাজীৱ শুক্লা, ৰাজকোষী অৰুণ ধুমাল আৰু সঞ্চালক প্ৰভাতেজ সিং ভাটিয়াৰে গঠিত এখন কমিটি গঠন কৰি দিছিল। এই কমিটিখনে সমগ্ৰ ঘটনা সন্দৰ্ভত বোৰিয়া মজুমদাৰক দোষী সাব্যস্ত কৰি দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। বিচিচিআইয়ে বোৰিয়া মজুমদাৰক দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ পাছত এতিয়াৰে পৰা সাংবাদিক গৰাকীয়ে কোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খেল সম্পৰ্কত বাতৰি প্ৰকাশ কৰিব নোৱাৰিব।

ভাৰতীয় দলৰ লগতে বিচিচিআইৰ স্বীকৃতিপ্ৰাপ্ত কোনো খেলুৱৈৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব নোৱাৰিব আৰু বিচিচিআই আৰু ইয়াৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক বোৰ্ড সমূহৰ কোনো সুবিধা সাংবাদিক গৰাকীয়ে গ্ৰহণ কৰিব নোৱাৰিব।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -