22.2 C
Guwahati
Saturday, May 4, 2024

অসমীয়াৰ সাতবিহুৰ আজি গোসাঁ‌ই বিহু বা কুটুম বিহু

Must Read

“বহাগ মাথো এটি  ঋতু নহয়, নহয় ব’হাগ এটি মাহ
অসমীয়া কাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ”

ব’হাগৰ মাহ মানেই যেন গোটেই মাহটোৱেই বিহু। চ’ত মাহৰ শেষৰ দিনটোৰ চ’তৰ সংক্ৰান্তিৰ পৰা সাতদিনীয়াকৈ ৰাজ্যজুৰি পালন কৰা হয় ৰঙালী বিহু।

গৰু বিহুৰ পৰা আৰম্ভ কৰি
মানুহ বিহু,
গোসাঁই বিহু,
তাঁতৰ বিহু,
নাঙলৰ বিহু,
জীয়ৰী বা চেনেহী বিহু আৰু
চেৰা বিহু এই সাত বিহু পালন কৰা হয় ৰাজ্যত।

আজি ব’হাগৰ ২ তাৰিখ। আজি গোসাঁই বিহু বা কুটুম বিহু। ঠাইভেদে আজিৰ দিনটোৰ বিহুৰ নাম ভিন ভিন।

কোনো কোনো ঠাইত আজি গোসাঁই বিহু বিচাৰে নামঘৰত নাম-কীৰ্তন কৰিব। কোনো ঠাইট কুটুম বিহু বিচাপে আলহী অতিথিৰ আদৰ সেৱা কৰিব।

মন্দিৰ-নামঘৰত ৰাইজ একগোট গৈ সকলোৰে মংগল কামনা কৰিব আজিৰ দিনটোত। ৰাজ্যৰ ভিভিন্ন নামঘৰত আজি ডবা, বৰতাল আদি বজাব। নাম কীৰ্তন গাব। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব। মাহ-প্ৰসাদ খাব।

আনহাতে এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যাব। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সৎকাৰ কৰিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -