গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়! শিক্ষক পদত আবেদন কৰিব নোৱাৰিব এইসকল টেট উত্তীৰ্ণই
শিক্ষক পদৰ বাবে আবেদন কৰিব নোৱাৰিব মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। শুকুৰবাৰে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ফলত মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰায় ২০ হাজাৰৰো অধিক প্ৰাৰ্থীৰ আশাত পৰিল চেচাপানী। সম্পূৰ্ণৰূপে ৰুদ্ধ হৈ পৰিল শিক্ষক পদৰ বাবে আবেদনৰ পথ।
অসম চৰকাৰে যোৱা ১০ ছেপ্তেম্বৰ ২০২০ত এক অধিসূচনা জাৰি কৰি মাদ্ৰাছা টেট উত্তীৰ্ণক সাধাৰণ শিক্ষক পদৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে। আৰু তাৰ পিছতে নিযুক্তি বঞ্চিত বহুসংখ্যক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু অৱশেষত গুৱাহাটী হাইকোৰ্টে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখে।