POY এচিয়াৰ ফাইনেলিষ্ট হিচাপে বিবেচিত অসমৰ ফ’টো সাংবাদিক অনুপম নাথ
ৰাজ্যৰ বিশিষ্ট ফটো সাংবাদিক অনুপম নাথৰ আন এক সাফল্য। ফটো সাংবাদিকতাৰ সৈতে সুদীৰ্ঘকাল জড়িত হৈ থকা অনুপম নাথৰ ফটোৱে ইতিমধ্যে খলকনি তুলিবলৈ সক্ষম হৈছে। POY ASIA ৰ ফাইনেলিষ্ট হিচাপে বিবেচিত হৈছে ফটো সাংবাদিকগৰাকী। পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা লাভ কৰা এইগৰাকী ফটো সাংবাদিকে কোভিড মহামাৰীৰ সময়ছোৱাত সংগ্ৰহ কৰা এখন ফটোৰ বাবে এই সফলতা লাভ কৰিছে।
উল্লেখ্য যে POY হিচাপে খ্যাত এই বঁটা ১৯৪৪ চনত মিছৌৰি বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ক্লিফটন চি এডমে আৰম্ভ কৰিছিল। ২০০১ বৰ্ষৰ পৰা এই বঁটা Picture of the year International ৰূপে পৰিচিত হৈ আহিছে। ছিংগাপুৰৰ পৰা সঞ্চালনা হোৱা এই বঁটাৰ বাবে ২০২২ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ মাজত স্থান লাভ কৰিছে এছ’চিয়েটেড প্ৰেছৰ সাংবাদিক তথা আলোকচিত্ৰ শিল্পী অনুপম নাথে৷
অনুপম নাথে বিগত তিনি দশক ধৰি ফটো সাংবাদিকতাৰ সৈতে জড়িত অনুপম নাথে তেওঁৰ কেমেৰাৰে প্ৰমাণ কৰিছিল অসমত চলি থকা গুপ্ত হত্যাৰ ঘটনা। এইগৰাকী ফটো সাংবাদিকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এইদৰে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা বিষয়টোৱে অসমৰ সংবাদ জগতৰ বাবে অতি সুখবৰ হিচাপে বিবেচিত হৈছে।