নিমখ-চেনি সচাঁকৈ শৰীৰৰ বাবে হানিকাৰক নেকি? জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন……….
বৰ্তমান সময়ত প্ৰায় সকলোৱে স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰে। খোৱা বোৱা ক্ষেত্ৰতে হওঁক বা শৰীৰ চৰ্চা ক্ষেত্ৰতে হওঁক সকলোতে নিজকে ‘ফিট’ ৰাখি ভাল পায় আজি-কালিৰ মানুহে।
দৈনন্দিন জীৱনত চেনি আৰু নিমখৰ ভূমিকা কি? খাদ্যৰ তালিকাৰ পৰা সচাঁকৈয়ে এই দুবিধ উপাদান বাদ দিয়া জৰুৰী নেকি?
নিমখে শৰীৰত ছ’ডিয়াম, পটাছিয়ামৰ নিয়ন্ত্ৰণ বৰ্তাই ৰখাত সহায় কৰে। ইপিনে, চেনীৰ পৰা শৰীৰত অতিৰিক্ত শক্তি পোৱা যায়। কিন্তু, দুয়োবিধ খাদ্যৰ উপাদানৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা মানি চলিব লাগে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক এচামুচতকৈ অধিক নিমখ খোৱাটো উচিত নহয়। দুবছৰৰ পৰা পোন্ধৰ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীৰ দেহত ৫ ৰ পৰা ১০ শতাংশৰ কেল’ৰি দৰকাৰ গতিকে সিমান পৰিমাণৰ কেলৰি-নিমখ খোৱাহে উচিত এই বয়সৰ ল’ৰা-ছোৱালীয়ে।
অত্যধিক কেল’ৰিৰ পৰা আঁতৰি থাকিবলৈ হ’লে কেক্, পেষ্ট্ৰি, চিপছ্ আদি জাতীয় খাদ্য কমকৈ খোৱা উচিত। যিকোনো বস্ত ক্ৰয় কৰাৰ পূৰ্বে তাত কিমান পৰিমাণৰ কেল’ৰি আৰু নিমখ আছে সেয়া জানি লোৱা উচিত।