29 C
Guwahati
Tuesday, May 14, 2024

দিনটোৰ কিছু গুৰুত্বপুৰ্ণ খবৰ

Must Read

1.মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। হাতীগাঁও নীলকমল পথত দলবদ্ধ ধৰ্ষণ। ৩ যুৱকৰ কামনাৰ বলি এগৰাকী কাৰ্বি যুৱতী। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ যুৱকক। পাষণ্ড নাইমুদ্দিন, মুকুল ইছলাম, আশ্ৰাফুল আমিনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ।

2.বাতৰি ২৪ ৰ দৰ্শক সকলক দিব বিচাৰিছো এই মূহুৰ্তৰ এটা breaking news DIPRৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈৰ সম্পতি জব্দ। ৫.৫৪ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ED-এ । ভিজন আছাম, মিছন আছামৰ নামত সংঘটিত হৈছিল কেলেংকাৰী। ১৬.৩৬ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ অন্তিমটো কাৰ্যকালত হৈছিল কেলেংকাৰী।

3. breaking যোৰাবাটৰ ১৩ মাইলত ২ কোটি টকাৰ ব্রাউন ছুগাৰ জব্দ। মণিপুৰৰ পৰা সৰবৰাহ কৰিছিল ব্রাউন ছুগাৰখিনি। ১৫টা চাবোনৰ বাকচত প্রায় ২০১ গ্রাম ব্রাউন ছুগাৰ জব্দ ।

4.আহিছো পৰৱৰ্তী এক বাতৰিলৈ
সম্পন্ন হল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সুদীৰ্ঘ ৯ বছৰৰ মুৰত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন। ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হল EVMত । পৌৰ নিগম নিৰ্বাচনৰ ৪৬ নং ৱাৰ্ডত সংঘটিত হল বিক্ষিপ্ত ঘটনা, বিজেপি সমৰ্থকৰ আক্ৰমণত আহত আপৰ প্ৰাৰ্থী অসীম কুমাৰ শৰ্মা।

5.কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত দুজন ইউক্ৰেইন নাগৰিকক আটক । ৩৯ বছৰীয়া ত্ৰিশ্চিনস্কি ভলোডিমিৰ আৰু ২১ বছৰীয়া নাজাৰী ভজনিয়া বুলি চিনাক্ত । দেশত অবৈধভাৱে প্ৰৱেশ কৰাৰ সন্দেহ । তথ্য অনুসৰি দুয়োজনে বদৰপুৰ হৈ বেলেগ ঠাইলৈ যাত্ৰা কৰাৰ কথা আছিল।

6.আম আদমী পাৰ্টিৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ। ভোটগ্ৰহণ চলি থকা অৱস্থাত সামাজিক মাধ্যমত প্ৰচাৰৰ অভিযোগ। নিৰ্বাচন আয়োগৰ কাষ চপাৰ কথা সদৰি কৰিছে বিজেপি IT CELLয়ে । ‘আপ’ ৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ । বিজেপি IT CELLয়ে দাখিল কৰিছে এজাহাৰ। APP ASSAM পেজৰ জৰিয়তে চলাইছিল নিৰ্বাচনী প্ৰচাৰ।

7.জিগনেছ মেৱানীক গ্ৰেপ্তাৰক লৈ দেশজুৰি ব্যাপক চৰ্চা। কংগ্ৰেছ নেতা জিগনেছ মেৱানীক বিনা চৰ্তে মুকলি কৰাৰ দাবী কংগ্ৰেছৰ । ৰাইজৰ দলৰ নেতা অখিল গগৈ সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতাগৰাকীক।

8.বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনক লৈ তামুলপুৰত ব্যাপক প্ৰস্তুতি। অহা ২ মে’ৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অধিৱেশন। অধিৱেশনৰ অন্তিম দিনটোত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীকে ধৰি আন ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনত।

9.নাহৰকটীয়ৰ জয়পুৰৰ দিহিং দলঙত অঘটন। দলঙৰ পৰা জাঁপ এগৰাকী ছাত্ৰীৰ। ( দলঙৰ পৰা দিহিংত জাপ দিছে ছাত্ৰী গৰকীয়ে।) জিটানী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী। ইতিমধ্যে ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত হৈছে।

10.অৰুণাচলৰ ইংকঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জুইত জাহ গ’ল চাৰি কোটি টকাৰ সা-সম্পতি। বিধ্বংসী অগ্নকাণ্ডত জাহ গ’ল ৩০ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। শ্বৰ্ট-চাৰ্কিত ৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। সোৱণশিৰি জিলাৰ ইংকঙত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

11.জম্মু-কাশ্মীৰত এনকাউণ্টাৰত ৬ টাকৈ সন্ত্ৰাসবাদী নিহত। জম্মু-কাশ্মীৰৰ পৃথক পৃথক প্ৰান্তত এনকাউণ্টাৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান সেনা-আৰক্ষীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন সেনা জোৱান ছহিদ। (সেনা আৰক্ষীৰ যুতীয়াভাৱে চলোৱা অভিযানতেই ৬ টাকৈ সন্ত্ৰাসবাদী নিহত হয়। ধাৰবাহিকভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেতবোৰ ঘটনা সংঘটিত হৈছে। )

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -