26 C
Guwahati
Monday, May 20, 2024

উত্তৰ পূৰ্বাঞ্চলৰ সকলো শিক্ষানুষ্ঠানত দশম শ্ৰেণীলৈ বাধ্যতামূলক হিন্দীশিক্ষা

Must Read

উত্তৰ পূৰ্বাঞ্চলৰ সকলো শিক্ষানুষ্ঠানত দশম শ্ৰেণীলৈ বাধ্যতামূলক হিন্দীশিক্ষা

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দশম শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক কৰা হৈছে হিন্দীশিক্ষা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক অনুষ্ঠানৰ জৰিয়তে এই মন্তব্য কৰে। তেওঁ কৈছে যে, উত্তৰ পূৰ্বাঞ্চলত ২২,০০০ হিন্দীৰ শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ কৈছে, উত্তৰপূৰ্বাঞ্চলৰ মুঠ ৯ টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে । অনুষ্ঠানত তেওঁ কয়, এই ৮ খন ৰাজ্যত দশম শ্ৰেণীলৈকে চৰকাৰে হিন্দী বাধ্যতামূলক কৰাৰ দিশটোত একমতত উপনিত হৈছে।

উল্লেখ্যে যে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বছেৰেকীয়া সভাৰ অধ্যক্ষতা কৰি এই মন্তব্য কৰিছে অমিত শ্বাহে। অনুষ্ঠানত তেওঁ কয় যে, দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতিব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰসংগৰে তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে হিন্দী ভাষাৰ জৰিয়তে দেশক একতাৰ এনাজৰীৰে বান্ধিব লাগে।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -