31 C
Guwahati
Saturday, May 18, 2024

বসন্ত উৎসৱ আওলিংৰ উপলক্ষে উখলমাখল নাগালেণ্ডৰ মন জিলা

Must Read

বসন্ত উৎসৱ আওলিংৰ উপলক্ষে উখলমাখল নাগালেণ্ডৰ মন জিলা

বসন্তৰ আগমনৰ লগে লগে অসমৰ লগতে নাগালেণ্ডৰ মন জিলাতো এতিয়া উৎসৱ মুখৰ পৰিৱেশ। কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিংৰ উপলক্ষে মঙলবাৰে মন চহৰৰ চাৰিওদিশ উখলমাখল পৰিৱেশ। আওলিং হৈছে পূবৰ নগা জনগোষ্ঠীৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক কৃষিভিত্তিক উৎসৱ।

বিশেষকৈ নাগালেণ্ডৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ। প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত কন্যাক সকলে এই উৎসৱ উদযাপন কৰে। প্ৰতি বছৰৰ দৰে এইবছৰো নাগালেণ্ডৰ মন জিলাৰ কন্যাক সকলে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিছে আওলিং উৎসৱ ৷ কন্যাক সকলে বিভিন্ন ৰং-বিৰঙৰ সাজ-পাৰ পৰিধান কৰি কন্যাক সকলৰ নিজস্ব নৃত্য-গীত প্ৰদৰ্শন কৰে। প্ৰতিকূল বতৰ মাজতে অনুষ্ঠিত কৰা এই উৎসৱৰ বুধবাৰে সামৰণি পৰিব ৷ সামৰণি দিনা উৎসৱত ভাগ ল’ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -