পুনৰ SOP- মাস্ক এতিয়াৰে পৰা বাধ্যতামূলক, নতুবা ভৰিব লাগিব ৫০০টকাৰ জৰিমনা
পুনৰ ভয়ংকৰভাৱে বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত নতুনকৈ ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈছে ২,০৬৭জন। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১২৪৭জন। অৰ্থাৎ ২৪ ঘণ্টাত প্ৰায় ৬৬ শতাংশ বাঢ়িছে কোৰোনাৰ সংক্ৰমণ। ইফালে কোৰোনাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিল্লী চৰকাৰে নতুনকৈ জাৰি কৰিছে এছ অ পি। এই এছ অ পি অনুসৰি দিল্লীত এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক। যদিহে মাস্কৰ পৰিধান নকৰে তেনেহলে ভৰিব লাগিব ৫০০টকাৰ জৰিমনা।
ইফালে বিদ্যালয়সমূহকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰশাসনৰ। ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ৪৩ শতাংশ কমিছে কোৰোনাত সংক্ৰমণৰ হাৰ। তথাপিও চৰকাৰে এইবাৰ কোৰোনাক লৈ লব লগা সজাগতাৰ ক্ষেত্ৰত কোনো কৃপনালি কৰিব খোজা নাই।