দেশৰ ক’ৰ’ণা সংক্ৰমণ এতিয়াও সাম কটা নাই। পুনৰ ক’ভিড সংক্ৰমণৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰিছে। দেশত পুনৰ ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এইবাৰ ভাৰতীয় ক্ৰিকেট দলত পুনৰ ক’ৰ’ণাৰ সংক্ৰমণ খবৰ। বিৰাট কোহলীৰ পাছত এইবাৰ ৰোহিত শৰ্মা ক’ভিডত আক্ৰান্ত হৈছে।
উল্লেখ্য যে শনিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ক’ৰ’ণা পৰীক্ষা কৰা হয়। ৰোহিতৰ ক’ভিড ৰিপোৰ্ট পজিটিভ আহে। দেওবাৰে পুৱা বিচিচিআইয়ে টুইট কৰি এই কথা প্ৰকাশ কৰিছে।