26.2 C
Guwahati
Saturday, May 4, 2024

কমা নাই কোৰোণাৰ গতি, বিগত ২৪ ঘণ্টাত দেশত ২৫৪১জন আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৩০জনৰ

Must Read

কমা নাই কোৰোণাৰ গতি, বিগত ২৪ ঘণ্টাত দেশত ২৫৪১জন আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৩০জনৰ

দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ গতি পুনৰ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত ২৫৪১জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণাত। মৃত্যু হৈছে ৩০জন লোকৰ। দেশত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ১৬,৫২২। দৈনিক সক্ৰিয়তাৰ হাৰ এতিয়া ০.৮৪ শতাংশ। কেইবাখনো ৰাজ্যত এতিয়া নতুন ঘটনা পোহৰলৈ আহিছে। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই কথা এক টুইটযোগে দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সদৰি কৰিছে।

দিল্লীত দেওবাৰে কোৰোণা ভাইৰাছ সংক্ৰমণৰ ১০৮৩ টা নতুন ঘটনা পোহৰলৈ আহিছে। বিগত ২৪ ঘণ্টাত এই মহামাৰীত এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সংক্ৰমণৰ হাৰ ৪.৪৮ শতাংশ। সংক্ৰমণৰ নতুন ঘটনাৰ পিছত দিল্লীত মুঠ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈছে ১৮,৭৪,৮৭৬জনলৈ। দিল্লীত বিগত ২৪ ঘণ্টাত এজন লোকৰ মৃত্যু হোৱাকে ধৰি মৃতকৰ সংখ্যা এতিয়ালৈ ২৬,১৬৮জন।

দেশতত মহামাৰীয়ে ভয়ানক ৰূপ ধৰাৰ পিছত কেইবাবাৰো পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী। বিগত কেইটামান মাহত দেশৰ কোৰোণা পৰিস্থিতি উন্নতি হৈছিল। কিন্তু বিগত কেইটামান দিন ধৰি নিম্নমুখী কোভিড গ্ৰাফ পুনৰ ওপৰলৈ উঠিছে। জুনত পুনৰ চতুৰ্থ ঢৌ অহাৰ সতৰ্কবাণী দিছে বিশেষজ্ঞসকলে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -