হিজাব বিৰ্তকঃ আল কায়দাৰ মুৰব্বীৰ মুস্কানক প্ৰশংসাৰ পিছতে আল কায়দাক উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ
কৰ্ণাটকৰ হিজাব বিতৰ্কৰ সময়ত বিখ্যাত হৈ পৰিছিল এগৰাকী মুছলমান যুৱতী মুস্কান খান। এইগৰাকী যুৱতীক প্ৰশংসাৰে উপচাই পেলাইছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কইদাৰ মুৰব্বী আয়মান আল জৱাহিৰীয়ে।
কৰ্ণাটকৰ হিজাব বিতৰ্ককলৈ আল-কায়দাৰ মুৰব্বী গৰাকীয়ে এক ভিডিঅ’ বাৰ্তাযোগে মন্তব্য প্ৰকাশ কৰি হিজাব পৰিহিতা মুছলমান যুৱতী মুস্কানলৈ সমৰ্থন ব্যক্ত কৰি তেওঁক ভনী আখ্যা দিয়াৰ পাছতে আল-কায়দাৰ এই মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই কয় যে “ইউনিফৰ্মৰ তাৎপৰ্য হৈছে বিদ্যালয়ত ধনী আৰু দৰিদ্ৰ, হিন্দু, মুছলমানৰ মাজত কোনো পাৰ্থক্য নাই; যিটো আল কায়েদাই কেতিয়াও বুজি নাপাব কিন্তু মই নিশ্চিত যে ভাৰতীয় মুছলমানসকলে বুজি পাব।”
ইপিনে, আল-কায়দাই কৰ্ণাটকৰ যুৱতী গৰাকীকলৈ মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে মুস্কানৰ পিতৃ। পিতৃ মহম্মদ হুছেইনে কৈছে যে আমাৰ দেশৰ কথাত মাত দিবলৈ আলকায়দা কোন? লগতে তেওঁৰ কন্যাৰ নাম এনেদৰে এজন সন্ত্ৰাসবাদী নেতাৰ মুখত লোৱাতো মুঠেও উচিত হোৱা নাই বুলিও তেওঁ খং কৰে। ভাৰতত তেওঁলোক শান্তিত আছে ভাৰতৰ মুছলমানকলৈ আল-কায়দাই চিন্তা কৰিব নালাগে বুলি মত প্ৰকাশ কৰে।