31 C
Guwahati
Saturday, May 18, 2024

হিম’গ্লবিনৰ মাত্ৰা কমিলে কি কি খাদ্য খাব লাগে? জানিবলৈ পঢ়ক আমাৰ বিশেষ প্ৰতিবেদন…….

Must Read

বৰ্তমান সময়ত ৰক্তহীনতাৰ সমস্যা বহুতৰে মাজত দেখা যায়। দেহত পৰ্যাপ্ত পৰিমাণৰ তেজৰ অভাৱ হ’লে শৰীৰ দুৰ্বল হোৱাৰ লগতে ক্লান্তি ভাৱ আৰু শ্বাস কষ্টৰ দৰে উপসৰ্গই দেখা দিয়ে।

বিশেষকৈ শৰীৰত লোহিত ৰক্তকণিকাৰ মাত্ৰা স্বাভাৱিক পৰিমাণৰ তুলনাতকৈ কম হ’লে হিম’গ্লবিনৰ ঘনত্ব কমি যায়। ফলত তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস পায়।

আনহাতে, ৰক্তহীনতা বা এনিমিয়া হোৱা প্ৰধান কাৰণ মূলতঃ দুটা। দেহত পৰ্যাপ্ত পুষ্টি আৰু ভিটামিন বি-১২ হ্ৰাস পালে ৰক্তহীনতাৰ সমস্যা বাঢ়ে।

পুৰুষৰ তুলনাত মহিলাৰ দেহত ৰক্তহীনতা সমস্যা বেছি হোৱা দেখা যায়। ৰক্তহীনতা সমস্যাত আইৰণ জাতীয় খাদ্য খোৱাৰ লগতে মটৰ, মচুৰ দাইল, শাক-পাচলি, কল, ব্ৰকলি, কলডিল আদি খাব লাগে।

তদুপৰি, হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি সহায় কৰা কিছুমান খাদ্য যেনে- ভিটামিন চি সমৃদ্ধ (নেমু, অমিতা, আঙুৰ আদি), উৰহী জাতীয় বীজ (বাদাম), আইৰণ, ফলিক এচিড, ফাইবাৰ, বীত, কেলছিয়াম আৰু শৰ্কৰাসমৃদ্ধ (ডালিম) আদিও হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি হোৱাত সহায় কৰে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -