22 C
Guwahati
Sunday, May 5, 2024

ৰাছিয়াৰ সৈতে থকা বন্দুত্বক লৈ ভাৰতলৈ সতৰ্কবাণী আমেৰিকাৰ

Must Read

ৰাছিয়াৰ সৈতে থকা বন্দুত্বক লৈ ভাৰতলৈ সতৰ্কবাণী আমেৰিকাৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধক (Russia Ukraine War) লৈ ভাৰতে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰি শান্তিৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু ভাৰতৰ এই মনোভাব পছন্দ কৰা নাই আমেৰিকাই। হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ সঞ্চালক ব্ৰায়ান ডিছে (Brian Dees) ভাৰতক ৰাছিয়াৰ সৈতে মিত্ৰতাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। ডিছে কৈছে যে মস্কোৰ সৈতে মিত্ৰতাৰ বাবে ভাৰতে অন্যথা গুৰুত্বপূৰ্ণ ব্যয়ৰ সন্মুখীন হ’ব লাগিব।

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু জাপানে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল। একে সময়তে ভাৰতে ইয়াক অস্বীকাৰ কৰি আৰু ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰাখে। ভাৰতৰ এই সিদ্ধান্তত হতাশ হৈছিল আমেৰিকা।

এতিয়া প্ৰশ্ন হয়, জটিল হ’ব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক?
আক্ৰমণৰ প্ৰতি নতুন দিল্লীৰ সঁহাৰিয়ে ৱাশ্বিংটনৰ (Washington) সৈতে ইয়াৰ সম্পৰ্ক জটিল কৰি তুলিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -