23.4 C
Guwahati
Thursday, May 9, 2024

শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা, বন্ধ কৰি দিয়া হৈছে ছ’চিয়েল মিডিয়া…

Must Read

শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা, বন্ধ কৰি দিয়া হৈছে ছ’চিয়েল মিডিয়া…

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা শ্ৰীলংকাত ১ এপ্ৰিল নিশাৰ পৰা বলবৎ কৰা হৈছে জৰুৰীকালীন অৱস্থা। কিন্তু ইয়াৰ পিছতেই মানুহৰ মৌলিক অধিকাৰৰ ওপৰতো আক্ৰমণ কৰা হৈছে।

 

আৰ্থিক সংকটৰ মাজতেই ইয়াৰ বিৰোধীতা কৰি লাখ লাখ মানুহে বিৰোধ প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ মাজতেই চৰকাৰে বন্ধ কৰি দিলে ছ’চিয়েল মিডিয়া।

উল্লেখ্য যে, চৰকাৰ ফেচবুক, টুইটাৰ, হোৱাটচএপ, ইউটিউব, গুগল,টিকটক, টেলিগ্ৰাম আদি সকলো ধৰণৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে নিষেধাজ্ঞা আৰোপ কৰিছে।কিয়নো চৰকাৰ শংকিত হৈছে যে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি জনতাই বিৰোধ প্ৰদৰ্শন তীব্ৰতৰ কৰি তুলিব। অৱশ্যে বহুতেই ভিপিএন ব্যৱহাৰ কৰি এই সমূহ চলাই আছে। শ্ৰীলংকাৰ ইতিহাসত এই আৰ্থিক সংকট সকলোতকৈ বৃহত। মানুহৰ খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি ঔষদ পাতি আদি সকলোৰে নাটনিয়ে জুৰুলা কৰিছে জনতাক।

 

ঋণৰ বোজাত কোঙা শ্ৰীলংকা। ১ লিটাৰ গাখীৰ প্ৰায় ১,৯৮০ টকা, ১ kg চাউল প্ৰায় ৫০০ টকা, পেট্ৰল ডিজেলৰ বাবে ৪-৫ কিলোমিটাৰ দীঘলীয়া লাইন। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা স্থগিত, কিয়নো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ বাবে প্ৰশ্ন কাকত ছপা কৰিবলৈও কাগজ আৰু চিয়াঁহীৰ বাবে নাই চৰকাৰৰ হাতত ধন। দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্যই কোঙা কৰিছে দেশখনৰ সধাৰণ নাগাৰিকক। বৰ্তমান গভীৰ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ কৰিছে শ্ৰীলংকাই। চুবুৰীয়া দেশ পাকিস্তানতকৈও অধিক শোচনীয় অৱস্থা হৈ পৰিছে শ্ৰীলংকাৰ। উল্লেখ্য যে শ্ৰীলংকাৰ এনে অৱস্থাৰ মূল কাৰণ হৈ পৰিছে শ্ৰীলংকাৰ চৰকাৰ। হয়, শ্ৰীলংকা চৰকাৰৰ ওপৰত আছে চীনৰ বৃহৎ পৰিমাণৰ ঋণৰ বোজা। আৰু সেই ঋণেই এতিয়া জুৰুলা কৰিছে শ্ৰীলংকাক।

দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ যোৱা দুবছৰত ৭০ শতাংশ হ্ৰাস হৈ প্ৰায় ২.৩১ বিলিয়ন ডলাৰ হৈছে, যাৰ ফলত ই খাদ্য আৰু ইন্ধনকে ধৰি অত্যাৱশ্যকীয় আমদানিৰ বাবে পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰি আছে।
পূৰ্ৱে শ্ৰীলংকাই চীনৰ পৰা ৫০০ কোটি ডলাৰ অৰ্থাৎ ভাৰাতীয় মূল্যত ৩৬,০০০ কোটি টকাৰ ঋণ লৈছিল আৰু সেই ঋণ পৰিশোধ নকৰোতেই পুনৰ ২০২১ চনত ১০০ কোটি ডলাৰ ঋণ লয় চীনৰ পৰা। শেষতীয়াকৈ চীনৰ ৰাজদূতে প্ৰকাশ কৰে যে শ্ৰীলংকাই চীনৰ পৰা ২.৫ আৰৱ ডলাৰ অৰ্থাৎ নতুন ঋণৰ বাবে আবেদন কৰিছে। কিন্তু ঋণ ঘোৰাই দিয়াৰ সামাৰ্থ হেৰুৱাই পেলাইছে শ্ৰীলংকাই। এতিয়া এক কথাত কবলৈ গ’লে শ্ৰীলংকাৰ বিদেশী মূদ্ৰাৰ ভঁ‌ৰাল দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে। যাৰ ফলশ্ৰুতিত এতিয়া দেউলীয়া হোৱাৰ দিশত শ্ৰীলংকা ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -