22.2 C
Guwahati
Saturday, May 4, 2024

পুনৰ কৰ’ণাৰ সংহাৰ, পুনৰ কঠোৰ লকডাউন

Must Read

পুনৰ কৰ’ণাৰ সংহাৰ, পুনৰ কঠোৰ লকডাউন

নৱম বাৰৰ বাবে কঠোৰ লকডাউন এই চহৰখনত। পুনৰ চীনত কৰ’ণাৰ কাল ৰূপ। অব্যাহত আছে কৰ’ণাৰ সংহাৰ। সবাটোকৈ শোচনীয় পৰিৱেশ হৈছে চাংঘাই চহৰত। ২৭ মাৰ্চৰ পৰাই কঠোৰ লকডাউন প্ৰযোজ্য হৈ আছে চহৰখনত। কিন্তু এতিয়া দেশখনৰ সৰু সৰু চহৰবোৰতো কৰ’ণাই কাল ৰূপ ধাৰণ কৰিব ধৰিছে।

দেশখনৰ দক্ষিণ-পশ্চিম সীমাস্থিত ৰুইলী নামৰ এখন সৰু চহৰত এতিয়ালৈকে নৱন বাৰৰ বাবে আৰোপ কৰা হ’ল কঠোৰ লকডাউন। কেইবা সপ্তাহ ধৰি প্ৰযোজ্য হৈ থকা লকডাউনৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে। বৰ্তমান লৈকে চহৰখনত ১৬০ দিনৰো অধিক সময় লকডাউন প্ৰযোজ্য হৈ আছে।

এই কাৰণৰ বাবেই এতিয়া ২ লাখ লোকে চহৰ এৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত সাধাৰণ লোকসকল চিন্তিত হৈ পৰিছে। বাহিৰৰ পৰা যাতে কৰ’ণা প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চীনা চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -