24 C
Guwahati
Wednesday, May 8, 2024

আলফাৰ বিহু! আলফাৰে ভৰি পৰিল এখন বিহুৰ মঞ্চ

Must Read

আলফাৰ বিহু! আলফাৰে ভৰি পৰিল ৰাজ্যৰ এখন বিহুৰ মঞ্চ।
নলবাৰীৰ বাঁহজানীৰ চৰিয়াৰ ৰঙালী বিহুত অংশ লোৱা দেখা যায় কেইবাগৰাকীও আত্মসমৰ্পন কৰা প্ৰাক্তন আলফা নেতা। লোক সকল হৈছে- প্ৰাক্তন সভাপতি অৰবিন্দ ৰাজখোৱা, প্ৰাক্তন উপ-সভাপতি প্ৰদীপ গগৈ, প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া, প্ৰাক্তন বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু প্ৰাক্তন উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা। ৰঙালী বিহুৰ অনুষ্ঠানত অংশ লৈ বিহু উপভোগ কৰে আলফাৰ প্ৰাক্তন নেতাকেইগৰাকীয়ে। প্ৰতিজন অসমীয়াই বিহু উদযাপন কৰিব লাগে বুলিও দোহাৰে তেওঁলোকে।

বৰ্তমান আলফালৈ কিয় গৈছে যুৱ প্ৰজন্ম সেই সন্দৰ্ভত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়- ‘চৰকাৰৰ ভূমিকাক লৈ বৰ্তমান ৰাইজ অতিষ্ঠ হৈ পৰিছে । নিবনুৱা সমস্যাই হতাশাগ্ৰস্ত কৰি পেলাইছে নতুন প্ৰজন্মক। সেইবাবে আলফাৰ প্ৰতি যুৱ প্ৰজন্ম আগ্ৰহী হৈ পৰিছে ।’

বিগত কিছুদিন ধৰি আলফাৰ প্ৰতি যুৱ প্ৰজন্ম আগ্ৰহী হৈ আলফাত যোগদানক লৈ মুখ খুলিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। আনহাতে বৰ্তমান পৰেশ বৰুৱাৰ সংগ্ৰাম খন পূৰ্বৰ দৰে শক্তিশালী হৈ থকা নাই সেয়েহে পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আহি আলোচনাৰ মাধ্যমেৰে সংগ্ৰাম খন আগুৱাই নিবলৈ আহ্বান জনায়। নলবাৰীৰ চৰিয়াৰ ৰঙালী বিহু সন্মিলনীত অংশ লৈ এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -