27 C
Guwahati
Saturday, May 11, 2024

যৌন নিৰ্যাতনৰ অভিযোগে কঁ‌পাইছে ৰাজ্যৰ শিক্ষানুষ্ঠান।

Must Read

যৌন নিৰ্যাতনৰ অভিযোগে কঁ‌পাইছে ৰাজ্যৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌণ নিৰ্যাতনৰ অভিযোগ অধ্যাপিকাৰ।

নগাঁৱৰ ঐতিহ্যমণ্ডিত এ ডি পি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
নিৰ্যাতনৰ অভিযোগ উঠা অধ্যক্ষ জনৰ নাম হৈছে ড° সুৰজিৎ ভাগৱতী। এ ডি পি কলেজৰ মহিলা প্ৰবক্তাই অধ্যক্ষৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। নগাঁও সদৰ থানাত শনিবাৰে দাখিল কৰিছে এই এজাহাৰ।
ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (এ), ৩৭৬, ৫১১ নম্বৰৰ ধাৰা প্ৰযোজ্য কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ নম্বৰ হৈছে ৪৩০/২০২২ ৷ ইফালে এডিপি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়েও আৰক্ষীক অভিযোগ দিছে। যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলা প্ৰবক্তাৰ বিৰুদ্ধে অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে দাখিল কৰিছে অভিযোগ। অধ্যক্ষৰ অভিযোগ – স্থায়ী পদৰ নিয়ুক্তি বিচাৰি ব্লেকমেইল কৰিছে প্ৰবক্তাগৰাকীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ’ব প্ৰকৃততে কোন সচাঁ কোন মিচাঁ।
অভিযোগ-প্ৰতিঅভিযোগৰ সৰ্ন্দভত আৰক্ষীৰ সঠিক তদন্তৰ আশা কৰিছে ৰাইজে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -