৬ মে’ত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি “গংগা এখনি বোৱতী হিয়া”
ব’হাগ বিহুৰ বতৰতে ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘গংগা-এখনি বোৱতি হিয়া’। ৬ মে’ত মুক্তি লাভ কৰিব ছবিঅখনে। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ বৃহস্পতিবাৰে মুকলি কৰা হয়।
প্ৰস্তুতি পৰাশৰৰ উপৰিও ছবিখনত অভিনয় কৰিছে অৰূপ বৈশ্য, ৰাগ ঐনিতম, ৰীণা বৰা, মুনমী কলিতাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে।
নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে মণি সিংহাই। সংগীতৰ দায়িত্বত আছে অজয় ফুকন।