36 C
Guwahati
Thursday, May 16, 2024

মধ্যবিত্ত শ্ৰেণীৰ মুৰত মাধমাৰ! ১৪ দিনত ১২ বাৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।

Must Read

মধ্যবিত্ত শ্ৰেণীৰ মুৰত মাধমাৰ! ১৪ দিনত ১২ বাৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।

ৰাজ্যত আকাশলংঘী মূল্য পেট্ৰ’ল ডিজেলৰ। ৩ এপ্ৰিল অৰ্থাৎ দেউবাৰে পেট্ৰলৰ মূল্যবৃদ্ধিয়ে পুনৰ সাধাৰণ শ্ৰেণীৰ মূৰত সোধাইছে মাধমাৰ।

দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছৰ পৰাই আৰম্ভ হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰক্ৰিয়া। ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে প্ৰতিদিনে প্ৰায় ৮০ পইচাকৈ বৃদ্ধি পাইয়েই আছে। প্ৰতি লিটাৰ পেট্ৰ’লত ৪২ পইচা আৰু ডিজেলত ৪ পইচাকৈ বৃদ্ধি কৰিলে তেল বিপণন কোম্পানীসমূহে।

২২ মাৰ্চত প্ৰথমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। মাৰ্চৰ মাহটোত ২২ তাৰিখৰ পৰা ৩১ তাৰিখলৈ ক্ৰমান্বয়ে ১০ টা দিনত ৯ বাৰ পেট্ৰ’লৰ মূল্য ৮০, ৮০, ৮০, ৮০, ৫০, ৩০, ৮০, ৮০ আৰু ৮০ পইচা বৃদ্ধি কৰা হৈছে। এনেদৰে মাৰ্চ মাহত পেট্ৰ’লৰ মূল্য বৃদ্ধি পালে ১ লিটাৰত ৭.২০ টকা।

আনহাতে এপ্ৰিল মাহটোৰ ৪ টা দিনত মুঠ ৩ বাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। ২ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৮০ পইচা, ৩ এপ্ৰিলত ৮০ পইচা আৰু ৪ এপ্ৰিলত পেট্ৰ’লত ৪২ পইচা আৰু ডিজেলত ৪ পইচা বৃদ্ধি কৰা হৈছে। মুঠতে ২২ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ এতিয়ালৈকে পেট্ৰ’লত মুঠ ৮.৪২ পইচা আৰু ডিজেলত ৮.৪ পইচা বৃদ্ধি হৈছে।

এই মূল্য বৃদ্ধিৰ সৈতে, ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৮১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৫.০১ টকা বৃদ্ধি পাইছে।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -