22 C
Guwahati
Sunday, May 5, 2024

কাজিৰঙাত জীপ চাফাৰী কৰি অভিভূত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

Must Read

কাজিৰঙাত জীপ চাফাৰী কৰি অভিভূত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

দেওবাৰে কাজিৰঙাত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা। ওম বিৰলাই প্ৰথমে কাজিৰঙাৰ কঁহৰাত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত হাতীখুলী চাহ বাগিচাৰ কলঘৰত কেচা চাহপাত পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে কলঘৰত চাহ প্ৰস্তুত কৰে তাৰ বুজ লয়।

লোকসভাৰ অধ্যক্ষ গৰাকীৰ এই পৰিদৰ্শনকালত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই তেওঁক সংগ দিয়ে।

ওম বিৰলাই হাতীখুলী চাহ বাগিচাৰ কলঘৰ পৰিদৰ্শন কৰি অসমৰ চাহৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত এক বিশেষ সমাদৰ আছে বুলি মন্তব্য প্ৰকাশ কৰে।

ইপিনে, ওম বিৰলাই চাহ প্ৰস্তুতকাৰী চাহ শ্ৰমিক সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি প্ৰসংগত লোকসভাত বহুবাৰ চৰ্চা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলিও লগতে কয়।

ওম বিৰলাই হাতীখুলী চাহ বাগিচাত ঝুমুৰ নৃত্য উপভোগ কৰে আৰু আপ্লুট হৈ পৰে।

ওম বিৰলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলত জীপ চাফাৰী কৰি হাতী আৰু গঁড় দেখি অভিভূত হৈ পৰে।

ওম বিৰলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অনাগত দিনত আৰু অধিক দেশী-বিদেশী পৰ্যটকৰ সমাগম হ’ব বুলি কয়।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -